নিউজ ডেস্ক, 14 আগষ্টঃ বহিষ্কৃত বিজেপি নেতা কুলদীপ সিং সেংগৰৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু ৷ উন্নাও কাণ্ডৰ ভূক্তভোগীৰ পিতৃক হত্যাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে বহিষ্কৃত বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে ৷ জিলা ন্যায়িক দণ্ডাধীশ ধৰ্মেশ শৰ্মায়ে মঙলবাৰে ৰুজু কৰিছে এই গোচৰ ৷ সেংগৰ আৰু অন্য 9 জনৰ বিৰুদ্ধে ৰুজু হৈছে এই গোচৰ ৷ অস্ত্ৰ আইনৰ এক ভুৱা গোচৰত অভিযুক্ত কৰা হৈছিল উন্নাও কাণ্ডৰ ভূক্তভোগীৰ পিতৃক ৷
ভাৰতীয় দণ্ডবিধিৰ ধাৰা 302(হত্যা সম্পৰ্কীয় অপৰাধ ), 166,167(চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা অপৰাধ), 201( সাক্ষ্য প্ৰমাণ নষ্ট কৰা), 218( কোনো লোকক শাস্তিৰ পৰা বচাবলৈ চৰকাৰী চাকৰিয়ালে ভুল তথ্য প্ৰস্তুত কৰা), 466(ৰেকৰ্ড জালিয়াতি) আৰু 120B(অপৰাধমূলক ষড়যন্ত্ৰ)ৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে ৷ ইয়াৰ ওপৰিও অস্ত্ৰ আইনৰ ধাৰা 25ৰ আধাৰতো গোচৰ ৰুজু কৰা হৈছে ৷ উল্লেখযোগ্য যে, সেংগৰৰ লগতে তেওঁৰ ভাতৃ অতুল সেংগৰ, তিনি গৰাকী আৰক্ষীৰ লোক, কুলদীপৰ বন্ধু শশী সিং আৰু আন চাৰি গৰাকী লোকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰাৰ কথা ৷
উন্নাও কাণ্ডঃ কুলদীপ সিং সেংগৰৰ বিৰুদ্ধে ভূক্তভোগীৰ পিতৃক হত্যা কৰাৰ গোচৰ - অস্ত্ৰ আইন
ভাৰতীয় দণ্ডবিধিৰ 302, 166,167, 201, 218, 466 আৰু 120B ৰ ধাৰাৰ অধীনত গোচৰ ৰুজু ৷ লগতে অস্ত্ৰ আইনৰ ধাৰা 25ৰ আধাৰতো কুলদীপ সিং সেংগৰৰ বিৰুদ্ধে গোচৰ ৰুজু ৷