ETV Bharat / bharat

জনা-নজনা: পিঠিৰ বেগত হৃদপিণ্ড লৈ ফুৰা যুৱতীগৰাকী - জনা-নজনা

অবিশ্বাস্য যেন লাগিলেও এইয়াই সঁচা ৷ ব্ৰিটেইনৰ এগৰাকী যুৱতীয়ে দীৰ্ঘদিনে তেওঁৰ পিঠিত থকা বেগতেই কঢ়িয়াই লৈ ফুৰিছে নিজৰ হৃদপিণ্ড ৷

হৃদপিণ্ড লৈ ফুৰা যুৱতীগৰাকী
হৃদপিণ্ড লৈ ফুৰা যুৱতীগৰাকী
author img

By

Published : Sep 9, 2020, 6:17 PM IST

নিউজ ডেস্ক, 9 ছেপ্তেম্বৰ: নিজৰ হৃদপিণ্ড পিঠিত লোৱা বেগত লৈ ঘূৰে ৷ শুনিলে অবিশ্বাস্য যেন লাগে ৷ কিন্তু এইয়া এক বাস্তৱ জীৱনৰ ঘটনা ৷ তেওঁৰ হৃদপিণ্ড শৰীৰৰ ভিতৰত নাই, থাকে তেওঁৰ বেগপেকত ৷ ফটোখনত দেখি হয়তো বুজিয়েই পাইছে যে কোনো ভয় নাই ৷ বৰঞ্চ সকলো সয়মতে মুখত হাঁহি বিৰিঙি থাকে ব্ৰিটেইনৰ প্ৰাণোচ্ছল যুৱতী ছেলৱা হুছেইনৰ মুখত ৷ মাত্ৰ 39 বছৰ বয়সত ভয়ক জয় কৰিছে তেওঁ ৷

কিন্তু কিয় ইমান কম বয়সতে এনে অভিজ্ঞতাৰ মুখামুখি হ'বলগীয়া হৈছে তেওঁ ? বহু বছৰ আগতে হঠাতে অসুস্থ হৈ পৰে ছেলৱা ৷ শ্বাস-প্ৰশ্বাস ল'বও পৰা নাছিল তেওঁ ৷ কোনো কঠিন ৰোগে তেওঁৰ দেহত থিতাপি লোৱা বুলি জানিও হতাশ নহ'ল ৷ নিজেই গাড়ী চলাই তেওঁলোকৰ পৰিয়ালৰ চিকিৎসক গৰাকীৰ ওচৰলৈ যায় ৷ তাৰ পৰাই তেওঁক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷ চিকিৎসকে জানিছিল যে ছেলৱা হৃদপিণ্ডৰ কঠিন ৰোগত আক্ৰান্ত ৷

তাৰ 4 দিনৰ পাচত বিশ্ব বিখ্যাত হেৰফিল্ড হাস্পতালত নিয়া হয় ছেলৱাক ৷ চিকিৎসা কৰি গম পালে যে,তেওঁৰ দেহত হৃদপিণ্ড সংস্থাপনৰ প্ৰয়োজন ৷ কিন্তু ছেলৱাৰ অৱস্থা ইমানই বেয়া আছিল যে, তেওঁৰ শৰীৰত কোনোপধ্যেই স্থাপন কৰিব পৰা নাযায় হৃদপিণ্ড ৷ সেই সময়ত তেওঁৰ স্বামীয়ে মনত ৰাখিছিল অত্যন্ত সাহস ৷ কৃত্ৰিম হৃদপিণ্ডৰে ছেলৱা যে বাচি থাকিব সেই কথাত চিকিৎসকলৰ সৈতে সহমত জনায় তেওঁৰ স্বামীয়ে ৷

যেনে কথা তেনে কাম ৷ ছেলৱাৰ প্ৰকৃত হৃদপিণ্ড শৰীৰৰ পৰা বাদ দি সংস্থাপন কৰা হ'ল কৃত্ৰিম হৃদপিণ্ড ৷ যাক নিয়ন্ত্ৰণ কৰে এটা মটৰে ৷ সেই মটৰটোৱে থাকে ছেলৱাৰ বেগত ৷ সেই বেগ লৈয়েই চলা ফুৰা কৰে তেওঁ ৷ মটৰটোৰ সৈতে দুটা বেটাৰীও থাকে ছেলৱাৰ সেই বেগপেকত বিকল্প হিচাপে ৷ বেটাৰীৰ চাৰ্জ শেষ হ'লেই যেন বিপদ !

এই অস্ত্ৰোপ্ৰচাৰৰ ব্যয় ভাৰতীয় মূল্যত 78 লাখ টকা ৷ থমকি ৰোৱা নাই ছেলৱা ৷ দুই সন্তানৰ সৈতে ছেলৱা ব্যস্ত স্বামীৰ সৈতে জীৱন অতিবাহিত কৰাত ৷ ছেৱলা যেন সাহসিকতাৰ এক উদাহৰণ ৷

লগতে পঢ়ক: আজৱ: ইয়াত বিয়াৰ পূৰ্বে ভগা হয় ভিন্ন পাত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.