ETV Bharat / bharat

আজৱ: ইয়াত বিয়াৰ পূৰ্বে ভগা হয় ভিন্ন পাত্ৰ

author img

By

Published : Sep 6, 2020, 7:10 PM IST

এখনৰ পাচত আনখন প্লেট ভাঙে, ফুলদানিও ভাঙে বিয়াৰ পূৰ্বে ৷ জাৰ্মানিত বিয়াৰ পূৰ্বে এনে ধৰণৰ কিছুমান ৰীতি পালন কৰা হয় বহু পৰিয়ালত ৷ কিন্তু এই নিয়মৰ আঁৰত কি কাৰণ আছে ?

ইয়াত বিয়াৰ পূৰ্বে ভগা হয় ভিন্ন পাত্ৰইয়াত বিয়াৰ পূৰ্বে ভগা হয় ভিন্ন পাত্ৰ
ইয়াত বিয়াৰ পূৰ্বে ভগা হয় ভিন্ন পাত্ৰ

নিউজ ডেস্ক, 6 ছেপ্তেম্বৰ: ইয়াতে দৰাৰ পৰিয়ালৰ সদস্য সকলে এখনৰ পাচত আনখন প্লেট ভাঙে, ফুলদানিও ভাঙে ৷ জাৰ্মানিত বিয়াৰ পূৰ্বে এনে ধৰণৰ কিছুমান ৰীতি পালন কৰা হয় বহু পৰিয়ালত ৷ বিয়াৰ পূৰ্বে চুবুৰীয়া বন্ধু সকলৰ লগতে, পৰিয়ালৰ লোকে ভাঙে মাটিৰ পাত্ৰ, আহাৰ গ্ৰহণ কৰা পাত্ৰ ইত্যাদি ৷ কিন্তু কিয় এনে ধৰণৰ ৰীতি পালন কৰে তেওঁলোকে ?

পৃথিৱীৰ ভিন্ন প্ৰান্তত বিবাহ অনুষ্ঠানৰ ভিন্ন ৰীতি-নীতি পালন কৰা হয় ৷ কৰ'বাত যদি বিবাহৰ পাত্ৰ-পাত্ৰীক অপহৰণ কৰা হয়, কৰ'বাত আকৌ লেতেৰা, পঁচা ফল আৰু পাচলি খাবলৈ দিয়া হয়, পঁচা কণী মিশ্ৰিত মিশ্ৰণত স্নান কৰিবলৈও দিয়া হয় পৃথিৱীৰ কোনোবাটো প্ৰান্তত ৷ যেনেকৈ ভাৰতত বিয়াৰ পূৰ্বে মেহেন্দি, হালধি আদি লগাই নৃত্য-গীত কৰা হয়, সেই সকলোবোৰ নিয়মৰ আঁৰত জড়িত হৈ আছে বহু বিশ্বাস ৷

জাৰ্মানিৰ সেই বিশেষ ৰীতিৰ নাম পোল্টোৰাবেণ্ড ৷ বিবাহ অনুষ্ঠানৰ পূৰ্বে দৰা আৰু কইনাৰ পৰিয়ালৰ সদস্য সকল একগোট হয় ৷ তেওঁলোকৰ লগ দিয়ে বহু বন্ধুৱেও ৷ তাৰ পাচত কোনো মাটিৰ পাত্ৰ বা প্লেট, ফুলদানি আদি ভাঙে ৷ যিয়ে যিমান পাৰে সিমানেই লণ্ড-ভণ্ড কৰে ৷ কিন্তু কিয় ?

তেওঁলোকৰ বিশ্বাস যিমানেই বেছি টুকুৰা হ'ব সিমানেই বেছি আশীৰ্বাদ পাব নৱ-দম্পতীয়ে ৷ কিন্তু তেওঁলোকে কাঁচৰ পাত্ৰ নাভাঙে, কিয়নো কাঁচ হৈছে আনন্দৰ প্ৰতীক ৷ ইয়াৰোপৰি আন এটা বিশ্বাস জড়িত হৈ আছে এই নিয়মৰ লগত ৷ এইবোৰ ভঙাৰ পাচত তাৰ টুকুৰাবোৰ পৰিস্কাৰ কৰিব লাগে দৰা-কইনাই ৷ তেওঁলোকে যদি ভালদৰে সেইবোৰ পৰিস্কাৰ কৰিব পাৰে তেন্তে তেওঁলোকৰ আগন্তুক জীৱন ভালদৰে পাৰ হ'ব বুলি বিশ্বাস কৰা হয় ৷ অৰ্থাৎ হাতত হাত ধৰি তেওঁলোকে সকলো পৰিস্থিতিৰে মোকাবিলা কৰিব পাৰিব ৷

লগতে পঢ়ক: আজৱ: বাহিৰৰ পৰা ভিতৰচৰা দেখা পোৱা এটা শৌচাগাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.