ETV Bharat / bharat

জনা-নজনা: এভাৰেষ্টত থাকিলেও পঠিয়াব পাৰিব চিঠি - জনা-নজনা: এভাৰেষ্টত থাকিলেও পঠিয়াব পাৰিব চিঠি

এই বিশ্বতে আছে ভিন্ন বৈশিষ্ট্যপূৰ্ণ ডাকঘৰ ৷ আপুনি শুনি আচৰিত হ’ব এভাৰেষ্টৰ চূড়াতো আছিল ডাকঘৰ ৷ আৰু ক’ত ক’ত আছে জানানে এনে ডাকঘৰ ?

Unknown facts etv bharat news
জনা-নজনা: এভাৰেষ্টত থাকিলেও পঠিয়াব পাৰিব চিঠি
author img

By

Published : Nov 5, 2020, 9:20 PM IST

নিউজ ডেস্ক,5 নৱেম্বৰ: চিঠিৰ আদান-প্ৰদান সম্প্ৰতি এক স্মৰণীয় কাৰ্য ৷ চিঠি বুলিলে হয়তো আপোনাৰ ওঁঠতো বিৰিঙিব হাঁহি ৷ চিঠিৰ আদান-প্ৰদান হয় ডাকঘৰৰ জৰিয়তে ৷ এভাৰেষ্টৰ চূড়াতো আছে এনে ডাকঘৰ ? পঠিয়াব নেকি তালৈকে চিঠি ? ইণ্টাৰনেট অথবা ম’বাইলৰ যুগত কেইগৰাকীয়ে ভাবিব এনেদৰে চিঠি পঠিওৱাৰ কথা ৷ কিন্তু আজিও বিশ্বৰ বহুসংখ্যক লোক এই ডাক ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল ৷ তৎসত্বেও বিশ্বৰ এনে কিছু স্থানত ডাকঘৰ আছে যাৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব ৷

এইখন বিশ্বতে আছে ওপঙা ডাকঘৰ ৷ ভাৰতৰ অংগ ৰাজ্য কাশ্মীৰৰ ডাল হ্ৰদত এই ডাকঘৰ অৱস্থিত ৷ 2011 প্ৰতিষ্ঠা কৰা এই ডাকঘৰৰ পিন কোড হৈছে 190001 ৷ কেৱল চিঠিৰ আদান-প্ৰদানেই নহয়, বেংকিং সেৱাৰো ব্যৱস্থা কৰা হৈছে এই ডাকঘৰত ৷

Unknown facts etv bharat news
ওপঙা ডাকঘৰ

প্ৰেম নগৰী হিচাপে খ্যাত পেৰিছৰ আইফেল টাৱাৰতো আছে ডাকঘৰৰ ব্যৱস্থা ৷ ভিন্ন ঠাইৰ পৰা অহা পৰ্যটকে এই ডাকঘৰ পৰিদৰ্শন কৰিব পাৰে ৷ যদিহে আপুনি বিশেষ ভাগ্যবান বুলি বিবেচিত হয়, তেন্তে আপুনি সুবিধা পাব বিশেষ প’ষ্ট ষ্টাম্প লাভৰ ৷ য’ত লিখা থাকিব-"আপুনি আইফেল টাৱাৰৰ পৰা এই চিঠি পঠিয়াইছে" ৷ কিন্তু এই বিষয়টো কিমান দূৰ সঁচা তাৰ কোনো নিশ্চয়তা আজিলৈকে লাভ কৰিব পৰা নাই ৷

Unknown facts etv bharat news
আইফেল টাৱাৰত থকা ডাকঘৰ

এভাৰেষ্টৰ বেছ কেম্পতো আছে ডাকঘৰৰ ব্যৱস্থা ৷ যি বিশ্বৰ সৰ্বোচ্চ উচ্চতাত অৱস্থিত ডাকঘৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত ৷ 2008 চনত স্থাপিত এই ডাকঘৰত পৰ্যটকৰ বাবে বিশ্ৰামৰ সুবিধা আছে ৷ অষ্ট্ৰেলিয়াৰ ভানুয়াতুয়েত সাগৰতলিৰ নিচেই তলত আছে এটি ডাকঘৰ ৷ সমতল পৃষ্ঠৰ পৰা 9 ফুট তলত অৱস্থিত এই ডাকঘৰ ৷

Unknown facts etv bharat news
এভাৰেষ্টত অৱস্থিত ডাকঘৰ

তদুপৰি এণ্টাকৰ্টিকাতো আছে এটা ডাকঘৰ ৷ তালৈ চিঠি প্ৰেৰণ কৰিলে প্ৰয়োজন হৈছিল এসপ্তাহৰ পৰা এবছৰ পৰ্যন্ত সময়ৰ ৷ অৱশ্যে 1990 চনত এই ডাকঘৰ বন্ধ হৈ পৰে ৷

লগতে চাওকঃ আপেল চাইডাৰ ভিনিগাৰৰ 10 টা লাভালাভ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.