'মাহ হালধিৰে নোৱাব ধোৱাব কইনা সজাব কোনে'
'বিয়া'এক সামাজিক বান্ধোন ৷ আমাৰ সমাজত বিবাহকলৈ আছে এক সুকীয়া মাধুৰ্য ৷ বিবাহ হৈছে মানুহৰ জীৱনৰ ষোড়শ সংস্কাৰৰ এক বিশেষ সংস্কাৰ ৷ দুখন সমাজৰ উপস্থিতিত এটা মধুৰ পৰিৱেশত এটা পবিত্ৰ লগনত বান্ধ খাই পৰে এহাল দম্পতী ৷
বিভিন্ন সমাজত বিবাহৰ বিভিন্ন নিয়ম পৰিলক্ষিত হয় ৷ অসমীয়া সমাজতো বিয়াৰ বিভিন্নধৰনৰ নীতি-নিয়ম সমাজভেদে পৃথক হোৱা দেখা যায় ৷
সাধাৰণতে বিয়াঘৰ বুলি ক'লে মনলৈ আহে সুৰীয়া বিয়া নামেৰে মুখৰিত ৰভাতলী, কইনাৰ ৰঙীন সাজ, আলোকসজ্জাৰে নিমজ্জিত উদুলি মুদুলি পৰিৱেশ ৷
কিন্তু স্কটলেণ্ডত বিয়া বুলি কলেই যেন এক ব্যতিক্ৰম ৷
বিবাহৰ পূৰ্বে অনুষ্ঠিত হয় এক বিশেষ পৰম্পৰা ৷
শুনাত আচৰিত যদিও মাহ হালধি নহয়, গেলা-পঁচা ফলমূল, আৱৰ্জনা, গেলি যোৱা কণি আদিৰ মিশ্ৰণেৰে গা ধুবলৈ দিয়া হয় দৰা কইনাক ৷
এই পৰম্পৰা অনুসৰি স্কটলেণ্ডত বিবাহৰ পূৰ্বেই আত্মীয়ই প্ৰথমে দৰা কইনাক অপহৰণ কৰে ৷ আৰু তাৰ পাচতেই আৰম্ভ কৰে দ্বিতীয় পৰম্পৰা ৷ স্কটলেণ্ডৰ জনসাধৰণে এই প্ৰথাটোক ' ব্ল্যাকেনিং' বুলি নামকৰণ কৰিছে ৷ নামৰ সৈতে প্ৰায় শতাংই মিল আছে এই মিশ্ৰনটো, কিয়নো এই মিশ্ৰণটি ব্যৱহাৰ কৰাৰ পাচতেই দৰা কইনা ক'লা হৈ পৰে ৷
দীৰ্ঘদিনৰ পৰাই স্কটলেণ্ডত বিবাহৰ এই প্ৰথা চলি আছে ৷ জনবিশ্বাস মতে, এই প্ৰথাৰ জৰিয়তে বিবাহিত দম্পতীৰ সামাজিক সম্পৰ্ক, মৰম ভালপোৱা আৰু আন্তৰিকতাক বুজোৱা হয় ৷ আন একাংশৰ মতে, যদিহে দম্পতীহালে বিবাহৰ পূৰ্বে এই প্ৰথা কৰে তেন্তে পৰৱৰ্তী সময়ত সাংসৰিক জীৱনত সকলো ঘাত প্ৰতিঘাট পাৰ কৰিব পাৰিব বুলি বিশ্বাস কৰে ৷