ETV Bharat / bharat

জনা-নজনা: এই জলকীয়াই প্ৰাণ ল'ব পাৰে কোনো লোকৰ ! - ড্ৰেগ'ন্স ব্ৰেথ

এনেকুৱাও জলকীয়া আছে নেকি, যি খালে কাৰোবাৰ প্ৰাণো যাব পাৰে ? ক'ত পোৱা যায় তেনে জলকীয়া ? দেখাত কেনেকুৱা সেই জলকীয়া ?

জনা-নজনা
জনা-নজনা
author img

By

Published : Sep 24, 2020, 7:20 PM IST

নিউজ ডেস্ক, 24 ছেপ্তেম্বৰ: কোনো ব্যঞ্জনত সোৱাদ অনুসৰি ব্যৱহাৰ কৰা হয় জলকীয়া ৷ কোনোৱে যদি জ্বলা বেছিকৈ খায়, আন একাংশই কমকৈ ৷ কিন্তু এনেকুৱাও জলকীয়া আছে নেকি, যি খালে কাৰোবাৰ প্ৰাণো যাব পাৰে ? ক'ত পোৱা যায় তেনে জলকীয়া ? দেখাত কেনেকুৱা সেই জলকীয়া ?

এদিন এগৰাকী গৱেষকে হঠাতে আৱিস্কাৰ কৰে সেই জলকীয়া ৷ কাম যেনে নামো তেনে ৷ ড্ৰেগ'ন্স ব্ৰেথ ৷ সেই জলকীয়াৰ খেতি কৰিছিল মাইক স্মিথ নামৰ এগৰাকী কৃষকে ৷ ব্ৰিটেইনৰ নট্টিংহাম ট্ৰেণ্ট বিশ্ববিদ্যালয়ৰ গৱেষক সকলৰ সন্মিলিত প্ৰচেষ্টাত উৎপাদিত হৈছিল ড্ৰেগ'ন্স ব্ৰেথ ৷ বিশ্বৰ আটাইতকৈ জ্বলা থকা জলকীয়া হিচাপে গিনিছ বুক অৱ ৱৰ্ল্ড ৰেক'ৰ্ডছতো নাম অন্তুৰ্ভুক্ত হৈছে জলকীয়া বিধৰ ৷

আকাৰত সিমান ডাঙৰ নহয় ৰঙা ৰঙৰ জলকীয়াবিধ ৷ কিন্তু জ্বলা ইমানেই বেছি যে, কোনো সাধাৰণ লোকে খালে মৃত্যু পৰ্যন্ত হ'ব পাৰে ৷ শৰীৰত এলাৰ্জি আদিৰ দৰে হৈ শেষ পৰ্যন্ত মৃত্যু হ'ব পাৰে ৷

গৱেষক সকলে জানিবলৈ দিয়ে যে, সেই জলকীয়াৰ পৰা উৎপন্ন হয় এবিধ তেল ৷ কোনো লোকৰ যদি নিৰ্দিষ্ট ঔষধৰ পৰা এলাৰ্জি আছে তেন্তে তাৰ পৰিৱৰ্তে তেনে ব্যক্তিক সেই জলকীয়াৰ তেল এনাস্থেটিক হিচাপে দিব পাৰি ৷ সেই তেলৰ এটা টোপাল প্ৰায় 25 লাখ পানীৰ টোপালৰ মাজতো চিহ্নিত কৰিব পৰা যায় ৷

কিন্তু কোনো লোকে কেতিয়াবা সেই জলকীয়া খাইছেনে ? অৱশেষত সেই ব্যক্তিগৰাকীৰ কথা উল্লেখ কৰো ৷ স্মিথ নামৰ ব্যক্তিগৰাকীয়ে সেই জলকীয়াৰ সোৱাদ লৈছিল ৷ মাত্ৰ 10 ছেকেণ্ডৰ বাবে জিভাৰ ওপৰত ৰাখিছিল সেইবিধ জলকীয়া ৷ তাৰ পাচতেই কেৱল এটা কথাই শুনিব পোৱা গ'ল ৷ "পুৰি গ'ল !"

লগতে পঢ়ক: জনা-নজনা: এই গাঁৱৰ পুৰুষসকলৰ সৈতে বিয়াত বহিব নিবিচাৰে যুৱতী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.