ETV Bharat / bharat

জম্মু-কাশ্মীৰ ভ্ৰমণলৈ কেন্দ্ৰীয় চৰকাৰৰ 36গৰাকী মন্ত্ৰী

শীঘ্ৰে জম্মু কাশ্মীৰ ভ্ৰমণ কৰিব 36 গৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ৷ ইতিমধ্যে কাশ্মীৰত অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পাচত বিশেষকৈ বিগত 5 মাহৰ পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ বহু কেইগৰাকী বিদেশী দূতে কাশ্মীৰ ভ্ৰমণ কৰিছে ৷

author img

By

Published : Jan 16, 2020, 9:40 AM IST

Union Ministers to visit Jammu Kashmir
কাশ্মীৰ ভ্ৰমণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীয়ে

নেশ্বনেল ডেস্ক , 16 জানুৱাৰীঃ জম্মু কাশ্মীৰ কেন্দ্ৰীয় শাষিত অঞ্চলটোৰ উন্নয়নৰ বিষয়ে চৰকাৰৰ উদ্যোগ আৰু নীতিসমূহ প্ৰচাৰ কৰিবৰ বাবে 36 গৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে অঞ্চলটো পৰিদৰ্শন কৰিব ৷ 18 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈকে অঞ্চলটো অধ্যয়ন কৰিব কেন্দ্ৰীয় মন্ত্ৰীসকলে ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিগত বৰ্ষৰ আগষ্টত কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰৰ পাচৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে চৰকাৰৰ প্ৰথম প্ৰচেষ্টা নিৰীক্ষণ কৰিবলৈ 15 গৰাকী বিদেশী দূতে জম্মু কাশ্মীৰ ভ্ৰমণ কৰিছিল ৷ এই বিদেশী দূত সমূহ ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিন কোৰিয়া, ভিয়েটনাম, মালদ্বীপ, মৰ'ক্কো, ফিজী, নৰৱে, ফিলিপাইনছ অৰ্জেন্টিনা, পেৰু, নাইজেৰিয়া, নাইজৰ, তোগো আৰু গুয়ানাৰ পৰা আহিছিল ৷

লগতে পঢ়ক - নিৰ্ভয়া কাণ্ডঃ অটল আদালতৰ ৰায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.