ETV Bharat / bharat

কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহ ভাৰতৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী !

কেন্দ্ৰীয় বৈদেশিক আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী ভি মুৰুলীধৰণ কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ প্ৰচাৰ হয় ৷ মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীস্থিত নিজ বাসভৱনত পৰিয়ালৰ লোকৰ পৰা পৃথকভাৱে থাকিবলৈ লৈছে বুলি বাতৰি প্ৰকাশ কৰিছে মন্ত্ৰী গৰাকীৰ ঘনিষ্ঠ একাংশ লোকে ৷

author img

By

Published : Mar 17, 2020, 3:26 PM IST

Covid 19
Covid 19

নতুন দিল্লী,17 মাৰ্চঃ অৱশেষত কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বলি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ভাৰতৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ ক্ষেত্ৰত ৷ মঙলবাৰে কেন্দ্ৰীয় বৈদেশিক আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী ভি মুৰুলীধৰণ এই ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ প্ৰচাৰ হয় ৷ মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীস্থিত নিজ বাসভৱনত পৰিয়ালৰ লোকৰ পৰা পৃথকভাৱে থাকিবলৈ লৈছে বুলি বাতৰি প্ৰকাশ কৰিছে মন্ত্ৰী গৰাকীৰ ঘনিষ্ঠ একাংশ লোকে ৷ আনহাতে,মন্ত্ৰীগৰাকীৰ দেহত তেনে কোনো লক্ষণ ধৰা পৰা নাই যদিয়ো পৃথকভাৱে থাকিবলৈ লোৱা কথাক কেন্দ্ৰ কৰি ৰহস্য সৃষ্টি হৈছে ৷ মন্ত্ৰীগৰাকীয়ে বিগত সপ্তাহত কেৰালাত অনুষ্ঠিত এক স্বাস্থ্য সম্পৰ্কীয় কৰ্মশালাত অংশগ্ৰহণ কৰিছিল ৷ কৰ্মশালাত অংশগ্ৰহণ কৰা এগৰাকী চিকিৎসকৰ দেহত ইতিমধ্যে কৰ’ণা ভাইৰাছৰ উপস্থিতিৰ কথা ধৰা পৰে ৷ সেয়ে মন্ত্ৰীগৰাকীয়ে নিজক পৰ্যবেক্ষণৰ বাবে পৃথকভাৱে থাকিবলৈ লৈছে বুলি জানিব পৰা গৈছে ৷ কৰ্মশালাখন কেৰালাৰ ৰাজধানী চহৰ তিৰুৱনন্তপুৰমত 14 মাৰ্চত অনুষ্ঠিত হৈছিল ৷ ঘটনা সন্দৰ্ভত ইটিভি ভাৰতৰ ফালৰ পৰা মন্ত্ৰীগৰাকীৰে যোগাযোগ কৰিবলৈ চেষ্টা চলোৱা হৈছিল যদিও মন্ত্ৰী গৰাকীয়ে আছুতীয়াকৈ থকাৰ বাবে এই কথা সম্ভৱ নহ’ল ৷

লগতে চাওকঃকৰ'ণাঃ দৈনিক এশ গৰাকী দৰ্শনাৰ্থীৰ বাবেহে খোলা থাকিব জনতা ভৱনৰ দুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.