নেশ্যনেল ডেস্ক,4 ফেব্ৰুৱাৰী : নিৰ্ভয়া কাণ্ডৰ লগত জড়িত দোষীৰ মৃত্যুদণ্ড ঘোষণা কৰা 4 জন দোষীক ফাঁচী দিয়াত পলম হোৱাৰ বাবে মঙলবাৰে ৰাজ্যসভাত কেজৰিৱাল নেতৃত্বাধীন চৰকাৰক দোষাৰোপ কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে ৷
ৰাজ্যসভাত জাভড়েকাৰে কয় যে, " উচ্চতম ন্যায়লয়ে 2017 চনতে নিৰ্ভয়া কাণ্ডৰ দোষীৰ ক্ষমাদান আবেদন নাকচ কৰে, কিন্তু দোষীক জ্ঞাত কৰাৰ পক্ৰিয়াটো সম্পূৰ্ণ কৰোঁতে এবছৰত কৈ বেছি সময় লয় জেল কৰ্তৃপক্ষই ৷"
লগতে পঢ়ক:চীনত ক'ৰোনা ভাইৰাছত মৃত্যু সংখ্যা 425 জনলৈ বৃদ্ধি, আক্ৰান্ত প্ৰায় 20,438 গৰাকী
উল্লেখ্য যে, নিৰ্ভয়া কাণ্ডৰ 4 জন দোষীক উচ্চতম ন্যায়ালয়ৰ শীঘ্ৰে মৃত্যুদণ্ডৰ শুনানিৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ দাবী কৰি ৰামনাথ কোৱিন্দক আবেদন কৰিছিল AAPৰ সাংসদ সঞ্জয় সিংয়ে ৷ এই আবেদনকে আক্ৰমণৰ লক্ষ্য কৰি ৰাজ্যসভাত দিল্লী কেজৰিৱালক চৰকাৰক মঙলবাৰে ৰাজ্যসভাৰ বৈঠকত তীক্ষ্ণ সমালোচনা কৰে বিজেপিৰ মন্ত্ৰীগৰাকীয়ে ৷