নিউজ ডেস্ক, 19 চেপ্তেম্বৰঃ কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ প্ৰৱেশক লৈ উত্তপ্ত হয় পশ্চিমবংগৰ যাদৱপুৰ বিশ্ববিদ্যালয় ৷ বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ বিপৰীত পৰিস্থিতিৰ সন্মুখীন হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷
বাওঁপন্থী দলক সমৰ্থন কৰা একাংশ শিক্ষাৰ্থীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক চুলিত ধৰি গতিয়াই বাহিৰ কৰি দিয়াৰ লগতে ফালি দিয়ে গাৰ কাপোৰ ৷ বিশ্ববিদ্যালয়ত প্ৰৱেশত বাধা দিয়াৰ লগতে এইদৰে শাৰিৰীকভাৱে অপদস্থ হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ কেপি বসু স্মাৰক প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা নৱাগত আদৰণী সভাত অংশগ্ৰহণৰ বাবে বিশ্ববিদ্যালয়খনলৈ গৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷
ঘটনাৰ পিচতে পশ্চিমবংগৰ ৰাজ্যপালে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যক সমগ্ৰ বিষয়টো সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিয়ে ৷ কি কাৰণে এখন বিশ্ববিদ্যালয়ত এইদৰে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী অপদস্থ হ'বলগীয়া হ'ল সেই প্ৰশ্নৰ উত্তৰ বিচাৰি উপাচাৰ্যক তলৱ কৰে ৰাজ্যপালে ৷ আনহাতে ঘটনাৰ পিচতে সমগ্ৰ দেশতে ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিভিন্নজনে ৷ গণতান্ত্ৰিক দেশত সম-অধিকাৰৰ কথা কোৱা একাংশ শিক্ষাৰ্থীৰ এই কাণ্ডই পশ্চিমবংগৰ শাসন ব্যৱস্থাৰ ওপৰত পুনৰ সন্দেহৰ প্ৰশ্ন উত্থাপন হৈছে ৷