নতুন দিল্লী,24 মে' : ষষ্টদশ লোকসভা ভংগ ৷ শুকুৰবাৰে মন্ত্ৰীসভাই গ্ৰহণ কৰে এই সিদ্ধান্ত ৷
লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এটা দিনৰ পাচতেই ভংগ কৰা হয় লোকসভা ৷ 3 জুনৰ পূৰ্বে গঠিত হ'ব সপ্তদশ লোকসভা ৷ উল্লেখযোগ্য যে, তিনিগৰাকী নিৰ্বাচন আয়ুক্তই ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি নিৰ্বাচিত সদস্যসকলৰ তালিকা হস্তান্তৰ কৰাৰ পাচতেই আৰম্ভ হ'ব সদন গঠনৰ প্ৰক্ৰিয়া ৷
লগতে পঢ়ক :বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ প্ৰাৰ্থী সকলৰ ফলাফল
আনহাতে দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি শনিবাৰে বিজেপিৰ নৱ-নিৰ্বাচিত সাংসদ সকল এক বৈঠকত মিলিত হ'ব ৷ বৈঠকখনতে আনুষ্ঠানিকভাৱে নৰেন্দ্ৰ মোডীক নেতা হিচাপে নিৰ্বাচিত কৰা হ'ব ৷ ইয়াৰ পাচতেই নতুন চৰকাৰ সম্পৰ্কে আলোচনা কৰিবলৈ নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব বুলি দলীয় সূত্ৰত প্ৰকাশ ৷