নিউজ ডেস্ক,8জুলাইঃ নতুন দিল্লীৰ লোক কল্যাণ পথস্থিত প্ৰধানমন্ত্ৰীৰ আৱাসগৃহত বুধবাৰে অনুষ্ঠিত হৈছে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠক ৷ এই বৈঠকত উপস্থিত আছে গৃহ মন্ত্ৰী অমিত শ্বাহ,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,এচ জয়শংকৰ,স্বাস্থ্য মন্ত্ৰী ড৹ হৰ্ষবৰ্ধন সহিত বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৷
-
Delhi: Prime Minister Narendra Modi chairs Union Cabinet meeting at 7 Lok Kalyan Marg. pic.twitter.com/OLn7XZYt34
— ANI (@ANI) July 8, 2020 " class="align-text-top noRightClick twitterSection" data="
">Delhi: Prime Minister Narendra Modi chairs Union Cabinet meeting at 7 Lok Kalyan Marg. pic.twitter.com/OLn7XZYt34
— ANI (@ANI) July 8, 2020Delhi: Prime Minister Narendra Modi chairs Union Cabinet meeting at 7 Lok Kalyan Marg. pic.twitter.com/OLn7XZYt34
— ANI (@ANI) July 8, 2020
ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল ৷ বিগত বৈঠকত কেবিনেটে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে ঘোষণা কৰিছিল উত্তৰ প্ৰদেশৰ কুশীনগৰ বিমানবন্দৰক ৷ ইয়াৰ উপৰিও চৰকাৰে মুদ্ৰা ঋণ আঁচনিৰ জৰিয়তে প্ৰদান কৰা ঋণত সুদৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল ৷
বুধবাৰৰ কেবিনেটতো বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে৷ EPF আৰু কৃষি ক্ষেত্ৰক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে লগতে গৰীৱ কল্যাণ অন্ন আঁচনিৰ জৰিয়তে নৱেম্বৰলৈকে অন্ন যোগান প্ৰক্ৰিয়া বাহাল ৰখাৰ সিদ্ধান্তত মোহৰ লগোৱাৰো সম্ভাৱনা আছে ৷
লগতে পঢ়কঃ দিল বেচাৰাই মুক্তিৰ পূৰ্বে ভাঙিলে চুপাৰহিট হলীউড ছবিৰ ৰেকৰ্ড