নেশ্যনেল ডেস্ক, 26 নৱেম্বৰ : বুধবাৰে তেলেংগানাত উৎকোচ কেলেংকাৰীৰ সৈতে জড়িত আৰক্ষী পৰিদৰ্শকৰ বেংক লকাৰৰ পৰা ৩৪.৪০ লাখ টকা আৰু ৯.১৩ লাখ টকাৰ সোণ আৰু ৰূপৰ অলংকাৰ জব্দ কৰে ৷ এই আৰক্ষী পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে অভিযোগকাৰীৰ পৰা উৎকোচ দাবী কৰাৰ অভিযোগত দুৰ্নীতি প্ৰতিৰোধ আইন,1988-ৰ অধীনত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে ৷
"তদন্তৰ সময়ত,কামৰেডী থানাৰ পৰিদৰ্শক অভিযুক্ত বিষয়া ইণ্ডুৰ জগদীশ আৰু তেওঁৰ পত্নীৰ নামত পোৱা নিজামাবাদৰ এক্সিছ বেংক,কান্তেশ্বৰ শাখাৰ এটা লকাৰ খোলা হৈছিল ৷ উল্লেখ্য যে,বেংকৰ লকাৰটোত 34,40,200 টকাৰ মুঠ নগদ ধন,182.56 গ্ৰাম ওজনৰ সোণৰ অলংকাৰ আৰু 1,020 টকা মূল্যৰ 157 গ্ৰাম ওজনৰ ৰূপৰ অলংকাৰ পোৱা গৈছিল। ইয়াৰ উপৰি সম্পত্তিৰ নথি-পত্ৰও পোৱা গৈছিল বুলি এক আনুষ্ঠানিক সূত্ৰই প্ৰকাশ কয় ৷