নিউজ ডেস্ক, 29 জানুৱাৰী : মুম্বাই আৰম্ভ হ‘ল প্ৰথমটো চালকবিহীন মেট্ৰ‘ ৰে‘ল সেৱা ৷ শুকুৰবাৰে মহাৰাষ্ট্ৰৰ মুখ্য়মন্ত্ৰী উদ্ধৱ ঠাকৰয়ে শুভাৰম্ভ কৰে ৰাজ্যখনৰ প্ৰথমটো চালকবিহীন মেট্ৰ‘ ৰেল সেৱা ৷ শুকুৰবাৰৰ কাৰ্যসূচীত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মহাৰাষ্ট্ৰৰ পৰ্যটন মন্ত্ৰী আদিত্য ঠাকৰে আৰু ৰাজ্যখনৰ অন্য কেইবাগৰাকীও মন্ত্ৰী ৷
অহা ফ্ৰেব্ৰুৱাৰ মাহৰ পৰা এই মেট্ৰ‘ ৰেলৰ পৰীক্ষণমূলক ভাৱে প্ৰথমখন ৰে‘ল চলোৱা হ‘ব ৷ এই মেট্ৰ‘ ৰে‘ল সেৱা মেট্ৰ’ 2A আৰু মেট্ৰ‘ 7 নং লাইনৰ মাজত চলিব ৷ আগন্তুক মে‘ মাহৰ পৰা এই চালকবিহীন ৰে‘ল সেৱা মুম্বাইৰ ৰাইজৰ বাবে মুকলি কৰি দিয়া হ‘ব ৷ এই মেট্ৰ‘ ৰে’লৰ দবাসমূহ প্ৰস্তুত কৰিছে বাংগালুৰুৰ BEML নামৰ এটা প্ৰতিষ্ঠানে ৷ প্ৰতিষ্ঠানটোৱে চুক্তি অনুসৰি 84 খন মেট্ৰ’ কাৰ প্ৰস্তুত কৰিছে ৷
লগতে পঢ়ক : দিল্লীস্থিত ইজৰাইলৰ দূতাবাসৰ সমীপত বিস্ফোৰণ !