ETV Bharat / bharat

ৰাজধানীত প্লাজ'মা দাতাই লাভ কৰিব উবেৰৰ বিনামূলীয়া সেৱা

author img

By

Published : Jul 9, 2020, 1:18 AM IST

যিসমূহ ব্যক্তিয়ে প্লা'জমা দান কৰিব তেওঁলোকক উবেৰ সংস্থাই বিনামূলীয়াকৈ প্লা'জমা বেংকলৈ অনা-নিয়া কৰিব বুলি জানিব পৰা গৈছে । বুধবাৰে উবেৰ সংস্থাই প্ৰকাশ কৰিছে এই তথ্য । মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে যি সমূহ নাগৰিকে প্লা'জমা দান কৰিছে তেওঁলোকক কৃতজ্ঞতা স্বীকাৰ কৰাৰ বাবেই সংস্থাটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।

uber-to-provide-donors-free-transport-to-plasma-bank

নিউজ ডেস্ক, ৮ জুলাই : দেশৰ ৰাজধানীত স্থাপন কৰা দেশৰ প্ৰথমটো প্লা'জমা বেংকত যিসমূহ দাতাই প্লা'জমা দান কৰিব তেওঁলোকক উবেৰ সংস্থাই বিনামূলীয়াকৈ প্লা'জমা বেংকলৈ অনা-নিয়া কৰিব বুলি জানিব পৰা গৈছে । বুধবাৰে উবেৰ সংস্থাই প্ৰকাশ কৰিছে এই তথ্য । মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে যি সমূহ নাগৰিকে প্লা'জমা দান কৰিছে তেওঁলোকক কৃতজ্ঞতা স্বীকাৰ কৰাৰ বাবেই সংস্থাটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।

আনহাতে, উবেৰ ইণ্ডিয়া আৰু দক্ষিণ এছিয়াৰ পৰিচালক প্ৰভজিৎ সিঙে এক বিবৃতিত জনাই যে, চৰকাৰক সহযোগিতা কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । লগতে, মহামাৰী কৰ'ণা ভাইৰাছৰ সময়ত উবেৰ প্ৰতিষ্ঠানে বহুতো ইতিবাচক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । একেদৰে প্ৰতিষ্ঠানটোৱে এপ্ৰিলত দিল্লী চৰকাৰক জৰুৰীকালীন স্বাস্থ সেৱাৰ বাবে ৭৫ লাখ টকা প্ৰদান কৰিছে ।

উল্লেখযোগ্য যে, উবেৰে চালক সকলৰ বাবে বিশেষ মেডিক্লেমৰ ব্যৱস্থা কৰিছে । লগতে চালক সকলক গ্ৰাহকৰ সৈতে সম্পৰ্ক স্থাপন নহবলৈ বিশেষ নিৰাপত্তা প্ৰদান কৰা হৈছে । চালক সকলক সুৰক্ষা কিট, চেনিটাইজাৰ প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক : 14 দিনৰ বাবে বন্ধ থাকিব কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.