ETV Bharat / bharat

ছত্তিশগড়ত দুই দুৰ্ধৰ্ষ নক্সালবাদীৰ আত্মসমৰ্পণ

author img

By

Published : Oct 11, 2020, 6:26 PM IST

ছত্তিশগড়ৰ দন্তেৱাড়া জিলাত দুজন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰে ৷ দুয়োজনৰ মূৰৰ দাম ধাৰ্য কৰা হৈছিল ক্ৰমে নগদ 1 আৰু 2 লাখ টকা ৷

নক্সালবাদীৰ আত্মসমৰ্পন
নক্সালবাদীৰ আত্মসমৰ্পন

নেশ্যনেল ডেস্ক, 11 অক্টোবৰ: ছত্তিশগড়ৰ দান্তেৱাড়া জিলাত আৰক্ষীৰ সন্মুখত আত্মসমৰ্পন কৰে দুজনকৈ নক্সালবাদীয়ে ৷ দুয়োজন নক্সালবাদীৰ বিৰুদ্ধে এগৰাকী আৰক্ষীক হত্যা কৰাৰ অভিযোগ থকাৰ লগতে, দুই নক্সালবাদীক ধৰাৰ নামত নগদ টকাৰ পুৰস্কাৰো ৰখা হৈছিল বুলি জানিবলৈ দিয়ে এগৰাকী আৰক্ষী বিষয়াই ৷

জিলা খনৰ কটেকল্যাণ আৰক্ষী চকীৰ সীমা নিবাসী ভূপেশ ছোঢ়ী ওৰফে বুদৰা আৰু উমেশ কুমাৰ মাৰকাম নামৰ দুয়োজন নক্সালবাদীয়ে শনিবাৰে আৰক্ষী অধীক্ষক অভিষেক পল্লৱৰ সন্মুখত আত্মসমৰ্পণ কৰে ৷

ছোঢ়ী বিগত 9 বছৰৰ পৰা নিষিদ্ধ ঘোষিত CPI (মাওবাদী) ৰ সৈতে সংযুক্ত মাওবাদীৰ এটা সাংস্কৃতিক শাখা চেতনা নাট্যা মাডলীৰ কামাণ্ডাৰ হিচাপে কাম কৰি আছিল ৷

আৰক্ষী অধীক্ষক অভিষেক পল্লৱে জানিবলৈ দিয়া মতে, 2017 চনত নিষিদ্ধ ঘোষিত সংগঠনত যোগদান কৰা মাৰকাম, দলটোৰ কনিষ্ঠ কাৰ্যবাহী সদস্য আছিল ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, দুয়োজনে বিগত বৰ্ষৰ বাস্তানাৰ মেলাত এগৰাকী আৰক্ষী কনিষ্টবলৰ হত্যাৰ সৈতে জড়িত আছিল ৷

দুয়োজনে আৰক্ষীক আক্ৰমণ কৰাৰ লগতে, সাধাৰণ লোকক হত্যা কৰাৰ দৰে অন্যান্য ঘটনাতো জড়িত আছিল বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া গৰাকীয়ে ৷ ইয়াৰোপৰি তেওঁ কয় যে, মাৰকামক ধৰাৰ নামত 2 লাখ টকা আৰু ছোঢ়ীক ধৰাৰ নামত 1 লাখ টকাৰ পুৰস্কাৰ ধাৰ্য কৰা হৈছিল ৷ দুয়োগৰাকী কেডাৰে "নিম্ন মাওবাদী আদৰ্শ"ৰ বাবে মোহভংগ হৈ তেওঁলোকে সেই সংগঠনৰ পৰা ওলাই আহে বুলি আৰক্ষীৰ আগত মন্তব্য কৰে ৷

লগতে পঢ়ক: জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত 4 সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.