ETV Bharat / bharat

হায়দৰাবাদৰ প্ৰৱল বৃষ্টিপাতৰ ফলত দুজনৰ মৃত্যু - বৃষ্টিপাত

বুধবাৰে হায়দৰাবাদত হোৱা মুষলধাৰ বৰষুণৰ ফলত মেডিপল্লী অঞ্চলত দেৱাল ভাঙি দুজনৰ মৃত্যু হোৱাৰ লগতে বহু অঞ্চল পানীৰ তলত ডুব যায় ৷ তেলেংগানা আৰু দক্ষিণ ছত্তীশগড়ৰ নিম্ন চাপৰ বাবে প্ৰৱল বৃষ্টিপাতৰ অনুমান কৰা হৈছে বুলি হায়দৰাবাদ বতৰ বিজ্ঞান কেন্দ্ৰৰ কাৰ্যালয়ে জানিবলৈ দিয়ে ৷

Two killed as heavy rains lash Hyderabad
হায়দৰাবাদৰ প্ৰৱল বৃষ্টিপাতৰ ফলত দুজনৰ মৃত্যু
author img

By

Published : Sep 17, 2020, 11:29 AM IST

নিউজ ডেস্ক, 17 ছেপ্তেম্বৰ: হায়দৰাবাদত বুধবাৰে হোৱা মুষলধাৰ বৰষুণৰ ফলত মেডিপল্লী অঞ্চলত দেৱাল ভাঙি মৃত্যু হয় দুজনকৈ লোকৰ ৷ বৃষ্টিপাতৰ ফলত বহু অঞ্চল পানীৰ তলত ডুব যোৱাৰ লগতে যান-বাহনৰ চলাচল ব্যাহত হোৱা পৰিলক্ষিত হয় ৷ ব্যস্ততাপূৰ্ণ স্থান- বঞ্জাৰা হিলছ, জুবলী হিলছ, বাণিজ্যিক কেন্দ্ৰ আমীৰপেত, কোটী, দিলচুখনগৰ, এল.বি. নগৰ, এবিডছ, বচীৰবাঘ, বেগমপেত, খৌৰাতাবাদ আৰু চেকেণ্ডৰাবাদৰ বাট-পথসমূহ সম্পূৰ্ণৰূপে ডুব গৈছিল ৷

কিছু কিছু অঞ্চলত 10 ছেণ্টিমিটাৰ উচ্চতাৰ বৰষুণ হোৱাৰ বাবে বাট-পথ পুল সদৃশ হৈ পৰে ৷ যাৰ ফলত বহু সময় ধৰি তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ৷ সন্ধিয়া সময়লৈকে গাড়ীচালক সকল একে ঠাইতে ৰৈ থাকিবলগীয়া হয় ৷ আনহাতে শেইখপেত, অট্টাপুৰৰ দৰে কিছু কিছু ঠাইত বাহনসমূহ জলমগ্ন হৈ পৰে আৰু কেইবাখনো দুচকীয়া বাহন পানীত উটি যায় ৷

প্ৰৱল বৃষ্টিপাতৰ পিচতে গ্ৰেটাৰ হায়দৰাবাদ পৌৰসভাই প্ৰতিক্ৰিয়াস্বৰূপে পৌৰ নিগমৰ দল নিয়োগ কৰি পানী আঁতৰোৱাৰ চেষ্টা কৰে আৰু সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনায় ৷

তেলেংগানা ৰাজ্যিক উন্নয়ন পৰিকল্পনা সমাজে জনোৱা অনুসৰি, বাহাদুৰাপুৰ আৰু গান্ধীপেতত 1.9 ছেণ্টিমিটাৰ, ৰাজেন্দ্ৰনগৰত 10.4 ছেণ্টিমিটাৰ আৰু শেইখপেতত 9.7 ছেণ্টিমিটাৰ উচ্চতাৰ বৃষ্টিপাত হয় ৷

হায়দৰাবাদ বতৰ বিজ্ঞানীৰ কাৰ্যালয়ে সদৰি কৰা মতে, তেলেংগানা আৰু দক্ষিণ ছত্তীশগড়ৰ নিম্ন চাপৰ বাবে প্ৰৱল বৃষ্টিপাতৰ অনুমান কৰা হৈছে ৷

লগতে পঢ়ক: তামিলনাডুত প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে মন্দিৰত 70 কেজিৰ লাডু অৰ্পন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.