নিউজ ডেস্ক, ২৪ জুনঃ মহাৰাষ্ট্ৰৰ থানে জিলাৰ ৱাগলে ইষ্টেটত মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন ব্যক্তিক । এজন প্ৰায় ১৮ বছৰীয়া যুৱকক ৰাজহুৱাকৈ মাৰধৰ কৰা অভিযোগতে মঙলবাৰে ঘটনাৰ লগত জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে মহাৰাষ্ট্ৰ আৰক্ষীয়ে ।
বিগত ২০ জুনত এটা ভাইৰেল হোৱা ভিডিঅ'ত প্ৰায় পাঁচৰ পৰা ছয়জন ব্যক্তিয়ে সমূহীয়াভাৱে এজন ১৮ বছৰীয়া যুৱকক পাৰপিট কৰা প্ৰত্যক্ষ কৰা হৈছে ।
আনহাতে,ঘটনা সন্দৰ্ভত এগৰাকী মহাৰাষ্ট্ৰৰ আৰক্ষী বিষয়া কয় যে,২০ জুনত এটা ভিডিঅ' ভাইৰেল হৈছিল । য'ত এজন যুৱকক প্ৰায় পাঁচ জন ব্যক্তিয়ে ৰাজহুৱাকৈ মাৰপিট কৰাৰ উপৰিও যুৱকজনে পৰিধান কৰা কপোৰ ফালি দিয়া ভিডিঅ'টোত প্ৰত্যক্ষ কৰা হৈছে । ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে গোচৰ ৰুজু কৰাৰ পাচতে আমি তদন্ত কৰি ইতিমধ্যে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰো । লগতে বাকী কেইজনক শীঘ্ৰে কৰায়ত্ব কৰিব বুলিও মত প্ৰকাশ কৰে আৰক্ষী বিষয়া গৰাকীয়ে ।
লগতে চাওকঃ কৰ্ণাটকৰ বৰ্ষীয়ান আইএএছ বিষয়াৰ বাংগালুৰুত আত্মহত্যা