নেশ্যনেল ডেস্ক, 4 জুলাই : কৰ্ণাটকৰ এখন চৰকাৰী হাস্পতালৰ চিকিৎসকে শনিবাৰে এগৰাকী মহিলাৰ পেটৰ পৰা 18 কেজি ওজনৰ টিউমাৰ উলিয়াবলৈ সক্ষম হয় ৷ চিক্কামাগালুৰুৰ নিবাসী 45 বছৰীয়া মহিলাগৰাকীৰ সাধাৰণ পেটৰ বিষ হোৱাৰ পিছতে এই চিকিৎসা আৰম্ভ হয় ৷
দীৰ্ঘদিনৰ পৰা মহিলাগৰাকীয়ে তেওঁৰ দেহত ওজন বৃদ্ধি হোৱা বুলি অনুমান কৰাৰ পিছতে তেওঁ স্বাস্থ্য পৰীক্ষা কৰে আৰু পৰীক্ষাৰ ফলাফলত টিউমাৰৰ উপস্থিতি ধৰা পৰে ৷
ইয়াৰ পিছতে তেওঁ চিক্কামাগালুৰুস্থিত কোপ্পা চৰকাৰী হাস্পতালত ভৰ্তি হয় ৷ হাস্পতালখনৰ শল্য চিকিৎসক ডাঃ বালাকৃষ্ণ আৰু তেওঁৰ চিকিৎসা দলে মহিলাগৰাকীৰ পেটৰ পৰা 18 কেজি ওজনৰ টিউমাৰটো উলিয়াবলৈ সক্ষম হয় ৷ সম্প্ৰতি মহিলাগৰাকীয়ে হাস্পতালতে চিকিৎসাধীন হৈ আছে যদিও বৰ্তমানে তেওঁ সুস্থ বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : VHP কৰ্মীয়ে ক'ভিড-১৯ ভেকচিনৰ মানৱ পৰীক্ষাৰ বাবে সমৰ্পন কৰিছে শৰীৰ