ETV Bharat / bharat

কোভিড-১৯ : তেলেংগানাত আক্ৰান্তৰ সংখ্যা ৪৭৩৭ জনলৈ বৃদ্ধি - হায়দৰাবাদ কোভিড-১৯

তেলেংগানাত শনিবাৰে ২৫৩ জন লোকৰ দেহত কৰ'ণা পজিটিভ পোৱা গৈছে । সম্প্ৰতি ৰাজ্যখনত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৪৭৩৭ জনলৈ বৃদ্ধি পাইছে । ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যখনত ৮ জন ৰোগীৰ সৈতে মুঠ ১৮২ জন আক্ৰান্ত ৰোগীৰ মৃত্যু হয় ।

কোভিড-১৯ : তেলেংগনাত আক্ৰান্তৰ সংখ্যা ৪৭৩৭ জনলৈ বৃদ্ধি

author img

By

Published : Jun 14, 2020, 4:52 PM IST

নেশ্যনেল ডেস্ক, ১৪ জুন: শনিবাৰে তেলেংগানাত ২৫৩ জন লোকৰ দেহত কৰ'ণা পজিটিভ পোৱা গৈছে । সম্প্ৰতি ৰাজ্যখনত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৪৭৩৭ জনলৈ বৃদ্ধি পাইছে । বিগত তিনি দিনত ৬০০ৰো অধিক কৰ'ণা পজিটিভ পোৱা বুলি জানিব পৰা গৈছে । যোৱা ১০ জুনতেই ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ৪০০০ লৈ বৃদ্ধি পাইছিল ।

২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যখনত ৮ জন ৰোগীৰ সৈতে মুঠ ১৮২ জন আক্ৰান্ত ৰোগীৰ মৃত্যু হয় । স্বাস্থ্য বিভাগে সদৰী কৰা মতে, গ্ৰেটাৰ হায়দৰাবাদৰ পৰা ১৭৯ জন লোকৰ দেহত নতুনকৈ কৰ'ণাৰ উপস্থিতি ধৰা পৰিছে, যিটো ৰাজ্যখনৰ সবাতোকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

কোভিড-১৯ : তেলেংগানাত আক্ৰান্তৰ সংখ্যা ৪৭৩৭ জনলৈ বৃদ্ধি

তেলেংগানাত সম্পূৰ্ণ ১৯ খন জিলাৰ আক্ৰান্তৰ সংখ্যাৰ ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে । সংগাৰেড্ডী জিলাৰ এটা পৰিয়ালৰ ১৯ জন সদস্যৰ সৈতে ২৪ টা ঘটনা পোহৰলৈ আহিছে । তিনিদিন পূৰ্বে কৰ'ণা আক্ৰান্তত মৃত্যু হোৱা ৫৫ বছৰীয়া মহিলা এগৰাকীৰ পৰিয়ালৰ সদস্যৰ দেহতো কৰ'ণা পজিটিভ পোৱা গৈছে । ইয়াৰ লগতে মেডচল আৰু ৰাংগাৰেড্ডী জিলাত ২৫ টা নতুন ঘটনা পোৱা গৈছে ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মুৰব্বীয়ে জনোৱা মতে, ৰাজ্যখনত বৰ্তমানলৈ ২,৩৫২ জন ৰোগী সুস্থ হোৱাৰ বিপৰীতে বিভিন্ন হাস্পতালত ২,২০৩ জন লোকৰ চিকিৎসা চলি আছে । কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ তেলেংগনা চৰকাৰে ৰাজ্যখনত লক ডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে যদিও বৰ্তমানো কোনো স্পষ্টীকৰণ দিয়া নাই ।

লগতে পঢ়ক: পশ্চিম বংগৰ গাঁৱত হাতীৰ উপদ্ৰৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.