1927 চনত মহাত্মা গান্ধীয়ে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (IIS)ত দিয়া এটা বক্তৃতাত শিক্ষকসকলক সেইসকল লোকৰ চিন্তা আৰু আকাংক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে আহ্বান জনাইছিল যাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোক চলি আছে। তেওঁ কৈছিল, "যদিহে আমি গাঁৱত বাস কৰা লোকসকলক লগ কৰি বুজাও যে কেনেকৈ আমি তেওঁলোকৰ পইচাৰে অট্টালিকা আৰু কাৰখানা নিৰ্মাণ কৰিছো যিনেকি তেওঁলোকক কেতিয়াও মুনাফা নিদিয়ে কিন্তু তাৰ পৰা ভৱিষ্যৎ প্ৰজন্ম লাভান্বিত হ'ব, সেইকথা তেওঁলোকে বুজি নাপাব। তেওঁলোকৰ স্থিতি অতি শিথিল হোৱাই স্বাভাৱিক । কিন্তু আমি তেওঁলোকক কেতিয়াও বিশ্বাসত লোৱা নাই, আমি কেৱল এইটো আমাৰ অধিকাৰৰ প্ৰশ্ন বুলি গণ্য কৰি এইটো পাহৰি গৈছো যে 'প্ৰতিনিধিত্বৰ অবিহনে কৰ আৰোপ নকৰা' নীতিটো তেওঁলোকৰ ওপৰতো প্ৰযোজ্য, এই কথাবোৰৰ ওপৰত গুৰুত্ব দিলে অন্য এটা দিশ উন্মোচিত হয় " ।
গান্ধীজীৰ মন্তব্যৰ বহু দিনৰ মূৰতো আমি এনেকুৱা প্ৰতিষ্ঠান নিৰ্মাণত ব্যৰ্থ হ'লো যি সমাজৰ শক্তিশালী আৰু প্ৰভাৱশালী সকলক দুৰ্বল আৰু প্ৰান্তীয় সকলৰ সৈতে একে মঞ্চতে একত্ৰিত কৰি বিভিন্ন চিন্তা কৰাৰ বাবে অনুপ্ৰাণিত কৰিব পাৰে আৰু যিনেকি দুৰ্বল আৰু প্ৰান্তীয় সকলক সবলীকৰণ কৰি তেওঁলোকক নিৰ্ভয়তা প্ৰদান কৰিব পাৰে । এই প্ৰক্ৰিয়াতো সদায়েই ওপৰৰ পৰা তললৈ চলা একপক্ষীয় বক্তব্য হৈ আহিছে য'ত বাচকবনীয়া বা সম্ভ্ৰান্ত শ্ৰেণীৰ মনত থকা চিন্তাৰ প্ৰান্তীয় সকলৰ লগত কোনো কথোপকথন নহয়, ভাৰতীয় অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান, চিমলাকে প্ৰমুখ্য কৰি বিভিন্ন উচ্চ প্ৰতিষ্ঠানৰ ক্ষেত্ৰতো এইটো কথা প্ৰযোজ্য।
শেহতীয়াকৈ আমাৰ দেশৰ বিভিন্ন চহৰত ভাৰত আন্তঃজাৰ্তিক কেন্দ্ৰ, নতুন দিল্লীৰ আৰ্হিত বিভিন্ন আন্তঃজাৰ্তিক কেন্দ্ৰসমূহ প্ৰতিষ্ঠা হৈছে। প্ৰধান এলেকাসমূহত স্থাপন হোৱা এই কেন্দ্ৰসমূহ উন্নত যদিও তেওঁলোকৰ প্ৰসাৰতা নিজৰ মাজতে সীমাবদ্ধ। তেওঁলোকৰ প্ৰধান লক্ষ্য আমেৰিকান নাগৰিকৰ স্বাৰ্থ সুৰক্ষিত কৰা আৰু কেন্দ্ৰত তেওঁলোকক জড়িত কৰাই তেওঁলোকৰ উদ্দেশ্য ।
আমাৰ উন্নত অধ্যয়নৰ প্ৰতিষ্ঠান সমূহে গৰিষ্ঠ সংখ্যক জনসাধাৰণক তাৎপৰ্য পূৰ্ণ ভাৱে প্ৰভাৱিত কৰা বিষয় সমূহ যেনে জলবায়ু পৰিৱৰ্তনৰ পৰা স্বাস্থ্য সম্পৰ্কীয় দিশলৈ তথা শিক্ষাৰ পৰা জিনীয় বিন্যাসৰ পৰিৱৰ্তনৰে বিকাশপ্ৰাপ্ত শস্যৰ বীজ আদিৰ প্ৰয়োগলৈ পদ্ধতিগত ভাৱে নিয়োজিত কৰাত ব্যৰ্থ হৈছে। এই খিনিতে প্ৰশ্ন হয় ,কোনে এনে নীতি নিৰ্দ্ধাৰণ কৰিছে যিয়ে প্ৰান্তীয় সকলক বৈদেশীক নীতি, প্ৰতিৰক্ষা অথবা অৰ্থনীতিৰ ক্ষেত্ৰত পাব লগা যথাৰ্থ তথ্যৰ পৰা বঞ্চিত কৰিব পাৰিব? ইয়াৰ পৰা উন্মোচিত হোৱা আন এক আশ্চৰ্যকৰ দিশ হ'ল বাচকবনীয়া বা সম্ভ্ৰান্ত শ্ৰেণীটোৱে নিজস্ব বিষয় সমূহৰ ক্ষেত্ৰত প্ৰাধান্য দি অহাৰ বিপৰীতে প্ৰান্তীয় সকলক একাষৰীয়া কৰি আহিছে ।
ভাৰতবৰ্ষৰ দুখীয়া জনসাধাৰণৰ বিষয় সমূহক উপেক্ষা নকৰি নীতি নিৰ্ধাৰক, প্ৰশাসনিক বিষয়া আৰু বুদ্ধিজীৱী সকলে সেই সমূহ গুৰুত্ব সহকাৰে শুনা উচিত। তাৰ বাবে তেওঁলোকে তেওঁলোকৰ প্ৰতিষ্ঠান সমূহত কেতবোৰ চৰম আৰু যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিব লাগিব যাৰ দ্বাৰা সৰ্বাত্মক সমতা স্থাপনৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে মহাত্মা গান্ধীৰ আশ্ৰম সমূহে কৰাৰ দৰে এক উমৈহতীয়া পৃথিৱীৰ ধাৰণাক তুলি ধৰিব পৰা যাব। এই ক্ষেত্ৰত কব পৰা যায় যে গান্ধীৰ সাবৰমতি আৰু সেৱাগ্ৰাম আশ্ৰম দুখনে টলষ্টয়ৰ ফাৰ্মতকৈ কোনো গুণে কম কাম কৰা নাছিল ।
বাচকৱনীয়া শ্ৰেণীটোৰ বাবে তেওঁলোকৰ লগত কথা বার্তা কৰাটো এক দাম্ভিকতাৰ প্ৰতি প্ৰত্যহ্বান হোৱাৰ লগতে ই তেওঁলোকৰ বাবে অসহ্যকৰো । মহাত্মা গান্ধীয়ে ১৯২৭ চনত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত দিয়া ভাষণত কৈছিল" মই তোমালোকৰ পৰা পদপথৰ সাধাৰণ মানুহতৰ তুলনাত বেছি আশা কৰো। তোমালোকৰ ক্ষুদ্ৰ প্ৰচেষ্টা সমূহত তোমালোক নিজে সন্তুষ্ট হৈ আত্মতুষ্টিৰ গ্ৰাসত নপৰিবা আৰু এইটো নকবা যে, 'আমাৰ যি কৰিব পৰাৰ সামৰ্থ আছিল আমি কৰিলো এতিয়া টেনিছ আৰু বিলিয়াৰ্ড খেলো আহা'।
-উদয় বালাকৃষ্ণণ, শিক্ষক,বাংগালোৰ স্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান