ETV Bharat / bharat

দক্ষিণ ভাৰতৰ ভিতৰত তামিলনাডুত সৰ্বাধিক COVID-19ত আক্ৰান্ত

author img

By

Published : Apr 7, 2020, 12:23 PM IST

সোমবাৰৰ দিনা তামিলনাডুত 50 টা নতুন COVID-19ৰ কেচ পোৱা গৈছে আৰু কেৰালাত পোৱা গৈছে নতুনকৈ 13 টা কেচ ।

তামিলনাডুত দক্ষিণ ভাৰতৰ ভিতৰত সৰ্বাধিক COVID-19ৰ আক্ৰান্ত আছে

নিউজ ডেস্ক, 7 এপ্ৰিলঃ সোমবাৰৰ দিনাও COVID-19 ত আক্ৰান্তৰ ক্ষেত্ৰত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষত আছে তামিলনাডু, য'ত যোৱা মাহত দিল্লীৰ নিজামুদ্দিনৰ তবলিগি জামাতৰ পৰা অহা লোকৰ সংখ্যাই অধিক ।

ইফালে কেৰালাটো নতুনকৈ বহু আক্ৰান্ত পোৱা গৈছে যাৰ সংযোগ দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজৰ লগত আছে ।

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌৰাই ছ'চিয়েল মিডিয়াত এই সম্পৰ্কে সাম্প্ৰদায়িক কোনো অপ্ৰীতিকৰ বাৰ্তা যাতে ব্যপি নপৰে তাৰ বাবে চিন্তা ব্যক্ত কৰে । লগতে কোনো লোকে যদি এনে কাণ্ড কৰে তেন্তে কঠোৰ ব্যৱস্থা লব লাগে বুলি প্ৰকাশ কৰে ।

সোমবাৰৰ দিনা তামিলনাডুত 50 টা নতুন COVID-19ৰ কেচ পোৱা গৈছে । বৰ্তমান ৰাজ্যখনত মুঠ 621 টা কেচ আছে । এই সমূহৰ ভিতৰত 574 টা দিল্লীৰ তবলিগি জামাতৰ পৰা পৰা উভতি আহা লোকৰ । বৰ্তমানলৈ ৰাজ্যখনত 6 জন লোকৰ এই মহামাৰীত মৃত্যু হৈছে ।

কেৰালাত সোমবাৰে নতুনকৈ 13 টা কেচ পোৱা গৈছে । তাৰে 3 জনৰ সম্পৰ্ক নিজামুদ্দিনৰ লগত আছে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাপাঅ বিজায়নে জনাইছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.