নিউজ ডেস্ক,03 জুন': দেওবাৰে দক্ষিণ পূৱ দিল্লীৰ হজৰত নিজামুদ্দিন এলেকাত আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত তিনিজন যুৱকক ডকাইটিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ৷ অভিযুক্ত কেইজনে লালা লাজপত ৰায় অঞ্চলত এগৰাকী মহিলাৰ পৰা বেগ লুট কৰি পলায়ন কৰা সময়তে আৰক্ষীয়ে যুৱক কেইজনক গ্ৰেপ্তাৰ কৰে ৷
আটকাধীন লোক কেইজন ভজনপুৰাৰ নিবাসী,ফেইজান, চলমান আৰু ছোয়েব বুলি চিনাক্ত কৰা হৈছে ৷ দক্ষিণ পূৱ জিলাৰ আৰক্ষী উপায়ুক্ত চিন্ময় বিস্বালে জনোৱা অনুসৰি দীৰ্ঘদিন ধৰি অঞ্চলটোত ডকাইটিৰ ঘটনা সংঘটিত হৈ আছিল ৷ তেনে সময়তে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি লালা লাজপত ৰায় অঞ্চলত উপস্থিত হয় ৷ আৰক্ষী অহাৰ উমান পায় যুৱক তিনিজনে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে চলমান আৰু ছোয়েবক গ্ৰেপ্তাৰ কৰে ৷ ইপিনে অভিযুক্ত ফেইজানে পলায়ন কৰাৰ সময়তে আৰক্ষীৰ গুলীত আহত হয় ৷ আঘাতপ্ৰাপ্ত ফেইজানক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰৰণ কৰা হয় ৷ আনহাতে অভিযুক্ত লোক কেইজনৰ পৰা আৰক্ষীয়ে বাইক আৰু এটা পিষ্টল জব্দ কৰে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যহত ৰাখিছে ৷