নিউজ ডেস্ক, 29 জানুৱাৰী: জম্মু-কাশ্মীৰৰ অৱন্তীপুৰ মণ্ডোৰা এলেকাত আজি ভাৰতীয় সেনা আৰু আৰক্ষীয়ে যৌথভাৱে চলালে এক অভিযান ৷ ইতিমধ্যে ভাৰতীয় সেনাৰ গুলীত তিনিজন সন্ত্ৰাসবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে ৷
ইফালে ভাৰতীয় সেনা আৰ আৰক্ষীৰ হাতত তিনিজন উগ্ৰপন্থী নিহত হোৱা বুলি কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে এক বিবৃতি যোগে প্ৰকাশ কৰে এই তথ্য । লগতে নিহত উগ্ৰপন্থী কেইজনক এতিয়াও চিনাক্ত কৰা হোৱা নাই বুলি সদৰি কৰে আৰক্ষী শীৰ্ষ বিষয়াজনে।
উল্লেখ্য যে, এক গোপন সুত্ৰৰ পম খেদি আৰক্ষী আৰু সেনাই যৌথভাৱে মণ্ডোৰা এলেকাত শুকুৰবাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক অভিযান চলাইছিল । ইফালে মণ্ডোৰা অঞ্চলত পূৰ্বৰে পৰা খাপ পিতি থকা উগ্ৰপন্থীৰ সদস্যৰ দলটোৱে অতৰ্কিতে সেনা-আৰক্ষীলৈ বুলি লক্ষ্যকৰি গুলীবৰ্ষণ কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনা বাহিনীৰ গুলিত তিনিজন উগ্ৰপন্থী নিহত হয় বুলি জানিবলৈ পৰা গৈছে ৷
লগতে পঢ়ক-কবৰস্থানৰ ভূমি বেদখলক কেন্দ্ৰ কৰি বগীনদীত তীব্ৰ উত্তেজনা