ETV Bharat / bharat

মহিলাৰ মৰ্ফড ফটো শ্বেয়াৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি অভিযুক্ত

author img

By

Published : Oct 4, 2020, 3:21 PM IST

কেৰালা আৰক্ষীয়ে ছ'চিয়েল মিডিয়াত এগৰাকী মহিলাৰ মৰ্ফড ফটো শ্বেয়াৰ কৰাৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ৷ অভিযু্ক্ত কেইজনে মহিলা গৰাকীক বদনাম কৰিবৰ বাবে ফটোসমূহ তেওঁৰ স্বামী আৰু পৰিয়ালবৰ্গক প্ৰেৰণ কৰিছিল ৷

মহিলাৰ মৰ্ফড ফটো শ্বেয়াৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি অভিযুক্ত
মহিলাৰ মৰ্ফড ফটো শ্বেয়াৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি অভিযুক্ত

নেশ্যনেল ডেস্ক, 4 অক্টোবৰ: ছ'চিয়েল মিডিয়াত এগৰাকী মহিলাৰ মৰ্ফ ফটো শ্বেয়াৰ কৰাৰ পাচত, এজন চিকিৎসক আৰু ধাৰাবাহিকৰ এজন অভিনেতাসহ 3 জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

তিৰুৱন্তপুৰমৰ ফোৰ্ট আৰক্ষী চকীৰ লোকে চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ সুবু, ধাৰাবাহিকৰ অভিনেতা জছমেৰ খান আৰু ডাঃ সুবুক মিছা ছিম দিয়াৰ ক্ষেত্ৰত সহায় কৰা শ্ৰীজিতক ৷

বৰকালাৰ এগৰাকী মহিলাৰ মৰ্ফড ফটো তেওঁৰ স্বামীৰ লগতে সম্পৰ্কীয় লোকক প্ৰেৰণ কৰে ৷ অভিযুক্ত কেইজনে ধাৰাবাহিকভাৱে মিছা ঠিকনা আৰু নামেৰে মহিলাগৰাকীক বদনাম কৰাৰ বাবে চিঠিও প্ৰেৰণ কৰিছিল ৷

ধাৰাবাহিক অভিনেতা জছমেৰ খানে চিকিৎসক গৰাকীক মৰ্ফড ফটোসমূহ প্ৰস্তুত কৰাত সহায় কৰিছিল ৷ ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চলোৱা এক তদন্তত অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰা হয় ৷

জানিব পৰা ডাঃ সুবু অভিযোগকৰ্তাগৰাকীৰ আত্মীয় ৷ তেওঁ মহিলাগৰাকীক বদনাম কৰাৰ চেষ্টা কৰিছিল ৷

লগতে পঢ়ক: তামিলনাডুত ধৰ্ষণৰ বলি অসমীয়া যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.