ETV Bharat / bharat

কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজি থকাসকলক যিমানেই প্ৰশংসা কৰো সিমানেই কম হ'ব : প্ৰধানমন্ত্ৰী

author img

By

Published : May 7, 2020, 2:36 PM IST

বুদ্ধ পূৰ্ণিমা উপলক্ষে দিয়া ভাৰ্ছুৱেল ভাষণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ ভিতৰত আৰু বাহিৰত যিসকল ভাৰতীয়ই কোভিড-১৯ মহামাৰীৰ সময়তো দৃঢ়তাৰে ঠিয় দি কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজি গৈছে তেওঁলোকক যিমানেই প্ৰশংসা কৰিলেও সেয়া কমেই হ'ব বুলি কৃতজ্ঞতা প্ৰকাশ কৰে ।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নিউজ ডেস্ক, ৭ মে' : কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দি অহা স্বাস্থ্য়কৰ্মী তথা সুৰক্ষাকৰ্মীৰ লগতে অন্যান্যসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ভাৰতবৰ্ষৰ লগতে বিশ্বৰ সকলো প্ৰান্তৰ এইসকল যোদ্ধাক যিমানেই প্ৰশংসা কৰা হ'ব সিমানেই তেওঁলোকৰ প্ৰতি কম হ'ব বুলি কৃতজ্ঞতা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোডীয়ে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বিশ্বৰ বিকাশৰ বাবে ভাৰতৰ উন্নয়নে সদায়ে সহযোগ কৰিব । আগতেও কৰিছিল আৰু ভৱিষ্যতেও কৰি যাব । কোভিড-১৯ মহামাৰীৰ বাবে ভাৰ্ছুৱেলভাৱে আয়োজন কৰা বুদ্ধ পূৰ্ণিমাৰ এক অনুষ্ঠানত এইদৰে মন্তব্য প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । কোভিড-১৯ মহামাৰীৰ বলি হোৱা লোকসকল আৰু কোভিড-১৯ৰ বিৰুদ্ধে কাম কৰি থকা যোদ্ধাসকলৰ প্ৰতি সন্মানাৰ্থে এই অনুষ্ঠান আয়োজন কৰা হৈছিল ।

লগতে পঢ়কঃ বুদ্ধ পূৰ্ণিমা উপলক্ষে দেশবাসীক পুৱা ৮ বাজি ৫ মিনিটত সম্বোধন প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.