ETV Bharat / bharat

বিত্তীয়ভাৱে আত্মনিৰ্ভৰশীল কেনেকৈ হ'ব ? - 'আত্মনিৰ্ভৰ ভাৰত'ৰ ধাৰণা

আত্মনিৰ্ভৰ হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ ৷ এজন ব্যক্তিয়ে বিত্তীয়ভাৱে কিদৰে আত্মনিৰ্ভৰ হ'ব পাৰে ? অতি বেয়া সময়ত যুঁজ দিব পৰাকৈ কোনবোৰ পদক্ষেপে আপোনাক বিত্তীয়ভাৱে সহায় কৰিব পাৰে ৷ এই লিখনিত নিজাববীয়া ধনৰ ক্ষেত্ৰত 'আত্মনিৰ্ভৰ' হোৱাৰ চাৰিটা সহজ উপায় সম্পৰ্কত আলোচনা কৰিম ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'আত্মনিৰ্ভৰ ভাৰত'ৰ ধাৰণা
বিত্তীয়ভাৱে আত্মনিৰ্ভৰশীল কেনেকৈ হ'ব ?
author img

By

Published : Jun 17, 2020, 1:22 PM IST

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেহতীয়াকৈ আহ্বান জনোৱা 'আত্মনিৰ্ভৰ ভাৰত'ৰ ধাৰণাটো বাৰুকৈয়ে জনপ্ৰিয় হৈ পৰিছে ৷ বৰ্তমানৰ জটিল পৰিস্থিতিত আত্মনিৰ্ভৰ হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ ৷ ভৱিষ্যতেও আমি বিভিন্ন ক্ষেত্ৰত ভয়াবহতাৰ মুখামুখি হ'ব পৰাকৈ সাজু থকা উচিত ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'আত্মনিৰ্ভৰ ভাৰত'ৰ ধাৰণা
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

সেয়েহে আত্মনিৰ্ভৰ হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ ৷ এজন ব্যক্তিয়ে বিত্তীয়ভাৱে কিদৰে আত্মনিৰ্ভৰ হ'ব পাৰে ? অতি বেয়া সময়ত যুঁজ দিব পৰাকৈ কোনবোৰ পদক্ষেপে আপোনাক বিত্তীয়ভাৱে সহায় কৰিব পাৰে ৷ এই লিখনিত নিজাববীয়া ধনৰ ক্ষেত্ৰত 'আত্মনিৰ্ভৰ' হোৱাৰ চাৰিটা সহজ উপায় সম্পৰ্কত আলোচনা কৰিম ৷

আপাতকালীন পৰিস্থিতিৰ বাবে ধন জমা কৰাৰ কৌশল-

যেতিয়া দূৰ্যোগে দেখা দিয়ে তেতিয়া কোনো সমস্যাৰ বাবে নিজকে প্ৰস্তুত কৰাৰ সময় ইতিমধ্যেই অন্ত পৰে ৷ আপোনাৰ দৰমহা/আয় আদি বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিব লগা হয় ৷ ইয়াৰোপৰি, দেশৰ অৰ্থনৈতিক সংকটৰ সময়ত আপোনাক চাকৰিৰ পৰা অব্যাহতিও প্ৰদান কৰিব পাৰে ৷ ইয়াৰ অৰ্থ হৈছে আপুনি অন্য এটা চাকৰি নোপোৱা পৰ্যন্ত এটকাও আয় কৰিবলৈ সক্ষম হোৱা নাই ৷

যিমানে আপুনি বেছি অভিজ্ঞতাসম্পন্ন আৰু পূৰ্বে অধিক আয় কৰা হ'ব সিমানে চাকৰি লাভৰ ক্ষেত্ৰত জটিলতা আহিব ৷ এনে সময়ত সংগ্ৰাম কৰিবৰ বাবে লাগিব আপাতকালীন জমাধন ৷

*এখন সাধাৰণ ঘৰত নিৰ্ধাৰিত মাহিলী খৰছ থাকে, আনহাতে থাকে EMIs আৰু অন্যান্য বিত্তীয় সমস্যা ৷

*মধ্যবিত্ত পৰিয়ালৰ বাবে এই হাৰ হৈছে 30,000 টকাৰ পৰা 1 লাখলৈ ৷

*সেয়েহে আপাতকালীন জমাধনৰ লক্ষ্য হ'ব লাগে 12 মাহৰ মাহিলী খৰছ আৰু EMIs ৷

*আপাতকালীন জমাধন প্ৰায় 5-6 লাখ হ'ব লাগে ৷

*ইয়াৰোপৰি, প্ৰতিমাহে 3,000 টকাকৈ বেংক একাউন্টত জমা কৰিব লাগে ৷

*যেতিয়াই আপোনাৰ ওচৰত অতিৰিক্ত নগদ ধন থাকে, আপাতকালীন জমাধনত সঞ্চয় কৰি ৰাখক যাতে প্ৰয়োজন হ'লেই ব্যৱহাৰ কৰিব পৰা যায় ৷

নিজৰ আৰু পৰিয়ালৰ স্বাস্থ্য বীমাকৰণ কৰক-

ৰোগীক চিকিৎসা প্ৰদান কৰাৰ পাচত ব্যক্তিগত হাস্পতালে বৃহৎ অৰ্থৰ বিল প্ৰদান কৰা আপুনি নিশ্চয় শুনিবলৈ পাইছে ৷ সেই তুলনাত চৰকাৰৰ দ্বাৰা পৰিচালিত হাস্পতালসমূহত কম বিল প্ৰদান কৰিব লাগে ৷ কিন্তু, এনে চিকিৎসালয়ত চিকিৎসা আৰু শুশ্ৰুষাৰ মানদণ্ডকলৈ বহু সময়ত প্ৰশ্ন উত্থাপন হয় ৷

সেয়েহে বহুলোকে ব্যক্তিগত হাস্পতালত চিকিৎসা কৰিবলৈ বিচাৰে ৷ কেৱল 7-10 দিনৰ ভিতৰত 5-10 লাখ টকাৰ বিল লাভ কৰাটো তেনেই সাধাৰণ কথা হৈ পৰিছে ৷ এনে বৃহৎ অৰ্থ ব্যক্তিগত হাস্পতালক প্ৰদান কৰাৰ কথা এবাৰ চিন্তা কৰি চাওঁক ৷ কিন্তু এনে সময়ত টকাৰ অভাৱ হ'লে বহু লোকে ঘৰ, জুৱেলাৰী পৰ্যন্ত বন্ধকত ৰখা শুনিবলৈ পোৱা যায় ৷ এই ক্ষেত্ৰত এক কম খৰছী উপায় আছে আৰু এয়া হৈছে স্বাস্থ্য বীমাকৰণ ৷

প্ৰতি বছৰে অতি কম পৰিমাণৰ টকা পৰিশোধ কৰি কোনো ব্যক্তিয়ে তেওঁৰ পৰিয়ালৰ বাবে স্বাস্থ্য বীমাকৰণ কৰি অধিক অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব ৷ প্ৰতিবছৰে 20,000 টকা পৰিশোধ কৰি তিনিজনীয়া পৰিয়ালৰ বাবে 1 কোটি টকা পৰ্যন্ত বীমা লাভ কৰিব পৰা যায় ৷

আপোনাৰ আয় যদি কম হয় তেন্তে আপুনি কম টকাৰ বীমাকৰণেৰে আৰম্ভ কৰিব পাৰে ৷ অতি কম টকা প্ৰতি বছৰে প্ৰদান কৰিও আপুনি 10-15 লাখৰ বীমা লাভ কৰিব পাৰে ৷ বহু কৰ্মচাৰীক স্বাস্থ্য বীমাকৰণ আঁচনিৰ অন্তৰ্ভূক্ত কৰা হয় কিন্তু, তেওঁলোকে কৰ্মচাৰীসকলৰ বয়োজ্যেষ্ঠ পিতৃ-মাতৃক সেই আঁচনিত অন্তৰ্ভূক্ত নকৰে ৷ সেয়েহে সমগ্ৰ পৰিয়ালৰ ভাৱে ব্যক্তিগতভাৱে বীমাকৰণ কৰাটোৱে ভাল ৷

সময়ৰ পূৰ্বে অৱসৰ গ্ৰহণৰ বাবে পেঞ্চন পৰিকল্পনা থকা উচিত-

বহুলোকে ভাবে যে, অৱসৰ গ্ৰহণৰ পাচত তেওঁলোকে নিজৰ ইচ্ছাকৃত কামসমূহ কৰিবলৈ বহু সময় লাভ কৰিব ৷ গোটেই দিনধৰি বাতৰিকাকত/আলোচনী পঢ়িব, ক্ৰীড়াত অংশগ্ৰহণ কৰিব, বাগিছা চোৱা-চিতা কৰিব, পৃথিৱী ঘূৰিব আদি ৷

কিন্তু অৱসৰ মানে হৈছে দৰমহা লাভৰ পৰা বঞ্চিত হোৱা ৷ প্ৰতিমাহে 30 তাৰিখৰ দিনা দৰমহা একাউন্টত সোমোৱা মেছেজটো তেওঁলোকে লাভ কৰিবলৈ সক্ষম নহ'ব ৷

আনহাতে, বৰ্তমানৰ পৰিস্থিতিত বহুলোকক চাকৰিৰ পৰা অব্যাহতি ল'বৰ বাবে বাধ্য কৰোৱা হৈছে ৷ এনে সময়ত আপুনি কোনো ব্যক্তিগত পেঞ্চন আঁচনিত বিনিয়োগ কৰিলে আত্মনিৰ্ভৰ হৈ থাকিব পাৰিব ৷

25 বছৰ বয়সৰ পৰা আপুনি অতি কমেও 2000 টকাকৈ সাঁচিব পাৰিলেও 55 বছৰ পৰ্যন্ত 46 লাখ টকা (প্ৰতিবছৰৰ 10 শতাংশ প্ৰত্যাৱৰ্তনসহ) হ'ব ৷ সেয়েহে প্ৰতিমাহে 2000 টকা সঞ্চিত কৰাৰ কথা চিন্তা কৰক ৷

অধিক সংখ্যক লোকেই প্ৰতিমাহে বহু টকা সঞ্চয় কৰিবলৈ সমৰ্থ ৷ যেতিয়া আপোনাৰ পেঞ্চনত স্থিৰতা থাকে তেতিয়া আপুনি সন্তান অথবা পৰিয়ালৰ অন্য সদস্যৰ ওপৰত টকাৰ বাবে নিৰ্ভৰশীল হ'ব নালাগে ৷ সেয়েহে নিজৰ লগতে পত্নী অথবা স্বামীৰ খৰছ সীমিত কৰিবলৈ চেষ্টা কৰিব লাগে ৷

পৰিয়ালৰ সপোনবোৰৰ সুৰক্ষাৰ ক্ষেত্ৰত জীৱন সুৰক্ষা আৱৰণ লওঁক-

লক্ষ্য থাকিলে বিত্তীয় সুৰক্ষাৰ বাবে টকা জমা কৰাত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব ৷ আপুনি আপাতকালীন পৰিস্থিতি আৰু অৱসৰৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে টকা জমা তথা বিনিয়োগ কৰিব পাৰে ৷ নিজ সন্তানৰ উচ্চ শিক্ষা তথা বিবাহৰ বাবে টকা জমা কৰি ৰাখিব পাৰে ৷ ইয়াৰোপৰি, স্বাস্থ্য বীমাৰ বাবে প্ৰীমিয়াম দি থাকিবও পাৰে ৷

কিন্তু, এটা ভয়াবহ দূৰ্ঘটনাৰ পাচত যদি আপুনি আয় কৰিবলৈ সক্ষম নহয় তেতিয়া কি হ'ব ? যদি আপোনাৰ কোনো দূৰ্ঘটনাত মৃত্যু হয় তেতিয়া কি হ'ব ? আপোনাৰ পত্নীক তেতিয়া পেঞ্চনৰ প্ৰয়োজন হ'ব ৷ আপোনাৰ সন্তানে উচ্চ শিক্ষাৰ বাবে মন মেলিব অথবা আপুনি বিচৰাৰ দৰে সন্তানৰ বিবাহ আয়োজন কৰিব লাগিব ৷

আপোনাৰ অনুপস্থিতিত এই সকলোবোৰ বিষয়ৰ এটাই সন্মানীয় পদক্ষেপ হৈছে : Life Insurance Money(জীৱন বীমাৰ টকা) ৷

ঘৰৰ প্ৰধান অন্নদাতাজনে নিজৰ জীৱন বীমাকৰণ কৰে তেন্তে তেওঁৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ সপোনবোৰ সম্পূৰ্ণ হোৱাত সহায় হয় ৷ অকস্মাৎ মৃত্যু অথবা অক্ষমতাৰ ফলত পৰিয়ালৰ সপোনবোৰত বাধা অহা উচিত নহয় ৷ এই জীৱন বীমাৰ টকাই উত্তৰাধিকাৰী গৰাকীক টকা প্ৰদান কৰিব ৷

পৰিয়ালৰ সুৰক্ষাৰ বাবে আপুনি এক প্ৰীমিয়াম প্ৰদান কৰিব লাগিব ৷ এই মূল্য প্ৰদান আপোনাৰ প্ৰতিদিনৰ কফিৰ দামৰ সমানেই ৷ হয়, এজন 30 বৰ্ষীয় লোকে প্ৰতিদিনে 50 টকাকৈ পৰিশোধ কৰি 2 কোটিৰ জীৱন বীমা কৰিব পাৰে ৷

অকস্মাতে মৃত্যু হ'লে পৰিয়ালে সমগ্ৰ টকা লাভ কৰিব ৷ এই ধনে তেওঁলোকক ভৱিষ্যতে বিভিন্ন ক্ষেত্ৰত সহায় কৰিব ৷ এনেদৰে, জীৱন বীমাই আপোনাৰ পৰিয়াল তথা আপোনাৰ ওপৰত নিৰ্ভৰশীল লোকসকলক ভৱিষ্যতৰ বাবে সুৰক্ষা প্ৰদান কৰিব ৷

-কুমাৰ শংকৰ ৰয়

বিত্তীয় সাংবাদিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.