নতুন দিল্লী, 20 মাৰ্চঃ 2012 চনত দিল্লীত সংঘটিত হোৱা নিৰ্ভয়াৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ লগত জড়িত চাৰি দোষীৰ বিৰুদ্ধে সুদীৰ্ঘ সাত বছৰ ধৰি আদালতত বিচাৰ প্ৰক্ৰিয়া চলাৰ অন্তত শুকুৰবাৰে ফাঁচীকাঠত ওলমোৱা হয় আটাইকেইটা অপৰাধীক ৷ দেশজুৰি অব্যহত তীব্ৰ উৎকণ্ঠাৰ মাজতে শুকুৰবাৰে পুৱা 5:30 বজাত তিহাৰ জেলত ফাঁচীকাঠত ওলমাই আটাইকেইটা অপৰাধীক দিয়া হয় মৃত্যুদণ্ড ৷
ইয়াৰ পাছতেই সংবাদ মাধ্যমৰ সন্মুখত নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে কয় যে, তেওঁ দেশৰ আইন ব্যৱস্থা আৰু চৰকাৰক ধন্যবাদ দিয়াৰ লগতে আজিৰ এই দিনটোক দেশৰ সকলো কন্যাৰ নামত উচৰ্গা কৰে ৷ লগতে তেখেতে মন্তব্য প্ৰকাশ কৰি কয় যে, " আমাৰ ছোৱালী আজি আমাৰ মাজত নাই যদিও তাই আজি ন্যায় পালে ৷ মই মোৰ ছোৱালীৰ ফটোত আজি সাৱটি ধৰি কৈছো, অৱশেষত আজি তুমি ন্যায় লাভ কৰিলা ৷"