নিউজ ডেস্ক, ২৯ জুন : উত্তৰ প্ৰদেশৰ ৰাজ্যিক বোৰ্ডৰ ক্ষেত্ৰত উচ্চ নম্বৰ লাভ কৰিবলৈ সুপ্ৰিয়া জাবেদ আৰু সোনমে শাৰীৰিক আৰু সকলো ধৰণৰ প্ৰতিবন্ধকতা আঁতৰ কৰিবলৈ সক্ষম হৈছে । যি পৰীক্ষাৰ ফলাফল শনিবাৰে ঘোষণা কৰা হৈছে ।
উল্লেখযোগ্য যে, বিগত ৫ বছৰে জটিল ৰোগৰ সৈতে যুঁজি থকা সুপ্ৰিয়াক দশম শ্ৰেণীত অক্সিজেনৰ সৈতে দেখা গৈছিল । তিনিজন ভাই-ভনীৰ ভিতৰত সুপ্ৰিয়া সকলোতকৈ ডাঙৰ আৰু সুপ্ৰিয়াক দৈনিক অক্সিজেনৰ প্ৰয়োজন । আৰু বিগত বহু মাহৰ পৰাই ছাত্ৰী গৰাকীয়ে বিচনাতে থাকিব লগা হৈছে । সুপিয়াৰ পিতৃয়ে নয়দাৰ এখন ফ্ৰাৰ্মত কাম কৰে যি গৰাকী ব্যক্তিয়ে কন্যাৰ পৰীক্ষাৰ বাবে কামৰ পৰা ছুটী লৈছিল ।
পিতৃয়ে জনোৱা অনুসৰি, সুপ্ৰিয়া পিত্তথলী শৈল্য চিকিৎসাৰ পৰা আৰম্ভ হৈছিল । পিচত তাইৰ যক্ষ্মা ৰোগ ধৰা পৰিছিল । তাৰ পাছত এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিছিলো আৰু অলপ ভাল হোৱা দেখা পাইছিলো । পৰৱৰ্তী সময়ত জিলা চিকিৎসালয় এখনত চিকিৎসা কৰা হৈছে আৰু নিয়মিত অক্সিজেন যোগান ধৰা হৈছিল । লগতে তেওঁ কয় যে, মই মোৰ কন্যাক লৈ গৰ্বিত । শাৰীৰিক অসুস্থতাৰ মাজতো তাই ভালকৈ পঢ়ি ভাল ফলাফৰ কৰাৰ প্ৰতিজ্ঞাবদ্ধ আছিল ।
আনহাতে, ৭৮ শতাংশ নম্বৰ লাভ কৰি উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা সোনমৰ উচ্চতা মাত্ৰ ৩ ফুট । সোনমৰ মূৰত টিউমাৰ আছিল । ২০১২ চনত টিউমাৰটো উলিয়াই দিয়া হ'ল যাৰবাবে ছাত্ৰী গৰাকীৰ বিকাশ নহ'ল ।
ছাত্ৰী গৰাকীয়ে জনোৱা অনুসৰি, অন্য ছাত্ৰ-ছাত্ৰীৰ নিচিনা মই বেছি সময় অধ্যয়ন কৰিব নোৱাৰো । বেছি সময় অধ্যয়ণ কৰিলে মই শাৰীৰিকভাবে অসুস্থ হৈ পৰো । ভৱিষ্যতে সোনমে এগৰাকী চিকিৎসক হ'ব বিচাৰে ।
লগতে পঢ়ক : পশ্চিমবংগত গুলীবিদ্ধ বিজেপি নেতা, TMC ৰ বিৰুদ্ধে সন্দেহৰ আঙুলি