ETV Bharat / bharat

পাকিস্তানৰ নৃশংসতাৰ কাহিনী, সৌৰভ কালিয়াৰ ঘটনা

author img

By

Published : Jul 26, 2020, 8:36 AM IST

Updated : Jul 26, 2020, 8:56 AM IST

পাকিস্তানৰ নৃশংসতাৰ কাহিনী ৷ যুৱ কেপ্টেইন শ্বহীদ সৌৰভ কালিয়াৰ ওপৰত কৰা বৰ্বৰ অত্যাচাৰ সম্পৰ্কে কিছু কথা ৷ ন্যায় পালেনে ভাৰতীয় সেনা গৰাকীয়ে ?

The Story of Pakistan Barbarism, The saurabh kalia episode
পাকিস্তানৰ নৃশংসতাৰ কাহিনী, সৌৰভ কালিয়াৰ ঘটনা

নিউজ ডেস্ক, 26 জুলাই : পাকিস্তানী সেনাৰ নৃংশসতা ৷ যুৱ কেপ্টেইন শ্বহীদ সৌৰভ কালিয়া আৰু তেওঁৰ 5 গৰাকী সহকৰ্মীৰ ওপৰত কৰা অত্যাচাৰৰ বহু তথ্য পোহৰলৈ আহিছে ৷

কিন্তু কোন আছিল এই সৌৰভ কালিয়া ?

কেপ্টেইন সৌৰভ কালিয়া পঞ্জাৱৰ অমৃতসৰৰ বাসিন্দা আছিল আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত সংযুক্ত প্ৰতিৰক্ষা সেৱা পৰীক্ষাৰ দ্বাৰা ইণ্ডিয়ান মিলিটাৰী একাডেমীত ভৰ্তি হৈ 1998 চনত ভাৰতীয় স্থলসেনাত ভৰ্তি হৈছিল ৷

তেওঁৰ প্ৰথমটো প’ষ্টিং হৈছিল 1999 চনৰ জানুৱাৰী মাহত যুদ্ধ সংঘটিত হোৱাৰ কিছুমাহ পূৰ্বে জাট ৰেজিমেন্টৰ 4ৰ্থ বেটেলিয়নৰ কাৰ্গিল চেক্টৰত ৷ তেৱেই হৈছে দেশৰ প্ৰথমগৰাকী শ্বহীদ, যিয়ে মাত্ৰ 22 বছৰ বয়সতে পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ হাতত প্ৰাণ ত্যাগ কৰিছিল ৷

ঘটনাক্ৰমৰ বিৱৰণ...

1999 চনৰ 15 মে'ত কেপ্টেইন সৌৰভ কালিয়াৰ নেতৃত্বত এটা 5 জনীয়া সেনাৰ দলে কাকছাৰ চেক্টৰৰ বজৰংগ প’ষ্টৰ পৰা গছবিহীন লাডাখৰ পাহাৰত নিয়মীয়া তালাচীৰ বাবে গৈছিল ৷

সেই সময়ত দুয়োপক্ষৰ মাজত বহুসময় ধৰি ধাৰাসাৰ গুলিবৰ্ষণ হৈছিল ৷ কিন্তু ঘটনাক্ৰমে, তেওঁৰ দলৰ হাতত অস্ত্ৰ-শস্ত্ৰৰ পৰিমাণ কমি আহিছিল আৰু ভাৰতীয় সেনাৰ সহায়কাৰী দল গৈ পোৱাৰ আগতেই তেওঁলোকক পাকিস্তানী ৰেঞ্জাৰৰ দলে জীৱিত অৱস্থাত কৰায়ত্ব কৰিছিল ৷

তেওঁলোকক তিনি সপ্তাহ ধৰি শাস্তি দিয়া হৈছিল আৰু তেওঁলোকক চিনি পোৱাটো কষ্টকৰ হৈ পৰিছিল ৷ 1999 চনৰ 9 জুনত পাকিস্তানী সেনাই তেওঁলোকৰ মৃতদেহ চিনাক্ত কৰি ভাৰতীয় সেনা হাতত গতাই দিয়ে ৷

মৰণোত্তৰ পৰীক্ষাই ফাদিল কৰিছিল শাস্তিৰ বৰ্বৰতা...

তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহিছিল ভয়ংকৰ তথ্য ৷ পাকিস্তানী সেনাই জ্বলন্ত চিগাৰেটেৰে তেওঁলোকৰ দেহত পুৰি দিছিল, কাণৰ ফুটাৰে গৰম লোহা সোমাই দিছিল, চকু উলিয়াই অনাৰ পূৰ্বেই তাক ফুটাই দিছিল, দেহৰ অধিকাংশ হাড় আৰু দাঁতবোৰ ভাঙি পেলাইছিল, লাওখোলা ভাঙি পেলাইছিল, ওঁঠ কাটি দিছিল, নাক কাটি দিছিল, শৰীৰৰ গোপন অংগবোৰ কাটি পেলাইছিল আৰু মৃত অৱস্থাত তেওঁলোকৰ দেহত গুলিয়াইছিল ৷ মৰণোত্তৰ পৰীক্ষাত এইটোও পোহৰলৈ আহিছিল যে, তেওঁলোকক জীৱিত অৱস্থাত ৰাখি এই বৰ্বৰ শাস্তি দিছিল পাকিস্তানী সেনাই ৷

ন্যায়ৰ বাবে পিতৃৰ যুঁজ, কিন্তু 21 বছৰে নাপালে ন্যায়...

1999 চনৰ অক্টোবৰ মাহত সেইসময়ৰ স্থল সেনাধ্যক্ষ জেন. ভি পি মালিকে কালিয়াৰ বাসগৃহত উপস্থিত হৈ সমগ্ৰ বিষয়টো ভাৰত চৰকাৰক অৱগত কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ পৰৱৰ্তী সময়ত কালিয়াৰ পিতৃক এই বিষয়টো যিহেতু দুখন দেশৰ মাজত সংঘটিত হৈছিল, সেয়েহে ইয়াক নিষ্পত্তি কৰিবলৈ বৈদেশিক মন্ত্ৰণালয়, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ হস্তক্ষেপ লাগিব বুলি কৈছিল ৷

1999 চনত নতুন দিল্লীস্থিত উচ্চ ন্যায়ালয়ক কালিয়াৰ পিতৃয়ে আবেদন জনাইছিল যদিও তাৰ কোনো উত্তৰ নাহিল ৷

2001 চনৰ আগ্ৰা চুক্তিৰ সময়ত সেইসময়ৰ পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ সৈতে 10 মিনিটৰ বাবে কথা পাতিবলৈ আবেদন জনাইছিল যদিও সন্মতি প্ৰদান কৰা নহ'ল ৷

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাষ চপাত আয়োগে এনেকুৱা বিষয়ত কাম নকৰে বুলি মন্তব্য দিছিল ৷ যেতিয়া কালিয়াৰ পিতৃয়ে সামৰিক বাহিনী ন্যায়াধীকৰণৰ কাষ চাপিছিল তেতিয়াই ভাৰত চৰকাৰক বিষয়টো পাকিস্তানৰ সৈতে আলোচনা কৰিবলৈ নিৰ্দেশ দিছিল ৷

তেওঁ ৰাষ্ট্ৰপতিলৈ জনোৱা আহ্বানৰ ছমাহ পাচত তেওঁক জনোৱা হৈছিল যে, বিষয়টো প্ৰতিৰক্ষা মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত 2012 চনত উচ্চতম ন্যায়ালয়ত কালিয়াৰ পিতৃয়ে গোচৰ ৰুজু কৰে ৷

চৰকাৰৰ প্ৰত্যুত্তৰ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে এই বিষয়টো পাকিস্তানৰ বিপক্ষে আন্তঃৰাষ্ট্ৰীয় আদালতত নিয়াটো ব্যৱহাৰিক কাৰণ নহয় বুলি উল্লেখ কৰে ৷ উচ্চতম ন্যায়ালয়ত কালিয়াৰ পৰিয়ালে এই ঘটনাৰ আন্তঃৰাষ্ট্ৰীয় তদন্ত দাবী কৰাৰ পাচত কেন্দ্ৰই এইদৰে উত্তৰ দিয়ে ৷

কংগ্ৰেছ চৰকাৰে এই বিষয়টো আন্তঃৰাষ্ট্ৰীয় আদালতৰ মজিয়ালৈ লৈ নোযোৱাৰ সিদ্ধান্তত অটল আছিল, কিয়নো পাকিস্তানে ইয়াক স্বীকাৰ নকৰিব ৷ ভাৰতে ভাবিছিল যে, এইটো এটা দ্বি-পাক্ষিক বিষয় আৰু আন্তঃৰাষ্ট্ৰীয় আদালতে দ্বি-পাক্ষিক বিষয়ত হস্তক্ষেপ নকৰিব ৷

পাকিস্তান চৰকাৰে অত্যন্ত কঠিন পৰিৱেশৰ দোহাই দি এক জলাশয়ত পৰি যোৱাৰ বাবেই কালিয়া আৰু তেওঁৰ সহযোগীসকলৰ মৃত্যু হৈছিল বুলি মন্তব্য দিয়ে ৷

লগতে পঢ়ক : কাৰ্গিল বিজয় দিৱস : পুত্ৰক হেৰুওৱাৰ দুখ আছে যদিও তেওঁৰ বীৰত্বত আজিও আমি সুখী

Last Updated : Jul 26, 2020, 8:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.