ETV Bharat / bharat

আৰক্ষীয়ে লৈ যোৱা তিনি পুত্ৰ উভতি অহালৈ বাট চাই থকা এজন পিতৃ

author img

By

Published : Sep 18, 2020, 5:15 PM IST

পুত্ৰ ইৰফান আহমেদ ডৰক জন্মু আৰু কাশ্মীৰৰ আৰক্ষীয়ে তেওঁলোকৰ জিম্মাত থকা অৱস্থাতেই হত্যা কৰে বুলি অভিযোগ উত্থাপিত কৰাৰ পাছতেই প্ৰতিবাদৰ সুত্ৰপাত হৈছিল এলেকাটোত ৷ তাৰ ঠিক কেইদিনমান পাছতেই বাটমালুত সংঘটিত হৈছে আন এক ঘটনা৷ অঞ্চলটোত সম্পূৰ্নৰূপে ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে৷

মাতৃহাৰা এজন পুত্ৰ, আৰক্ষীয়ে আটক কৰি নিয়া তিনি পুত্ৰ উভতি অহালৈ বাট চাই থকা এজন পিতৃ

নেশ্যনেল ডেস্ক, 18 চেপ্টেম্বৰ : ছ’পোৰৰ এটা পৰিয়ালে তেওঁলোকৰ ২৩ বছৰীয়া পুত্ৰ ইৰফান আহমেদ ডৰক জন্মু আৰু কাশ্মীৰৰ আৰক্ষীয়ে তেওঁলোকৰ জিম্মাত থকা অৱস্থাতেই হত্যা কৰে বুলি অভিযোগ উত্থাপিত কৰাৰ পাছতেই প্ৰতিবাদৰ সুত্ৰপাত হৈছিল এলেকাটোত ৷ তাৰ ঠিক কেইদিনমান পাছতেই বাটমালুত সংঘটিত হৈছে আন এক ঘটনা৷ অঞ্চলটোত সম্পূৰ্ণৰূপে ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে৷ ডি জি পিজনৰ মতে ইৰফানৰ হাতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল হেণ্ড গ্ৰেণেড আৰু আন এক অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ গৈ থকাৰ অৱস্থাত ‘পলায়ন’ কৰিবলৈ চেষ্টা কৰিছিল ৷

পাছত ইৰফানৰ শৱদেহটো ছ’প’ৰৰ টুজ্জাৰ শ্বাৰিফৰ নিকৱৰ্তী পাথৰ কুৱেৰী এটাত উদ্ধাৰ হয় ৷ এই ঘটনাটোৰ পাছতেই যোৱা বৃহস্পতিবাৰে পুৱা প্ৰায় ৪ বজাত ৪৫ বছৰীয়া কৌচৰ ৰেয়াজ আৰু তেওঁৰ পুত্ৰ আকীব ৰেয়াজ তেওঁলোকৰ বেকাৰীলৈ নিজৰ বাহনেৰে গৈ থকাৰ মুহূৰ্তত নিৰাপত্তা বাহিনী আগবাঢ়ি অহা প্ৰত্যক্ষ কৰে৷ সেই সময়খিনিত কোনো অস্বাভাৱিক ঘটনাৰ উমান পাই কৌচৰে পুত্ৰ আকীবক বাহনখন ঘূৰাবলৈ নিৰ্দেশ দিয়ে ৷ কিন্তু তেওঁলোকে ইউ-টাৰ্ণ লোৱাৰ লগেই লগেই তেওঁলোকৰ বাহনখনৰ ওপৰত নিৰ্বিচাৰে গুলীবৰ্ষণ হ’বলৈ ধৰে ৷ নিৰাপত্তা বাহিনীয়ে অতৰ্কিতে কৰা এই গুলী চালনাত থিতাতে নিহত হয় কৌচৰ ৷

মাকৰ শৰীৰৰ পৰা ৰক্ত ক্ষৰণ হোৱা প্ৰত্যক্ষ কৰি আকীবে ততাতৈয়াকৈ তেওঁৰ JKO1W 7338 নম্বৰৰ চেন্ট্ৰ’ গাড়ীখন ৰখাই দিয়ে ৷ কিন্তু দুৰ্ভাগ্যৱশতঃ গাড়ীখন ৰোৱাৰ পাছতেই আকীবে মাকৰ মূৰৰ পাচফালে গুলীয়ে আঘাট হনা দেখিছিল ৷

“তেওঁ নিৰাপত্তা বাহিনী দেখি ভয় খাইছিল আৰু লগে লগে মোক গাড়ীখন ঘূৰাবলৈ কৈছিল ৷ কেইমুহূ্ৰ্ত মানৰ পাচতেই আমাক গুলীয়াইছিল ৷ গুলীটো গাড়ীখনৰ পাচফালৰ আইনাখনেৰে আহি মোৰ মাৰ মূৰত লাগিছিল ৷” ২৫ বছৰীয়া আকীবে ই টিভি ভাৰতক জানিবলৈ দিয়ে ৷

আকীবে পুনৰ কয়,“মই তাত থকা আৰক্ষী এজনকো কৈছিলো যে মোৰ মাৰ গাত গুলী লাগিছে ৷ কিন্তু তেওঁলোকে কোনো ধৰণৰ তৎপৰতা নেদেখোৱালে ৷ তাৰ পাচত কেইজনমান আৰক্ষীয়ে ৰক্ষকত (আৰক্ষীৰ এক বাহন বিশেষ) আমাক পুলিচ নিয়ন্ত্ৰণ কক্ষলৈ লৈ গৈছিল ৷ য’ৰ পৰা মই নিজেই মাক উলিয়াই আনিছিলো ৷ তেওঁক তাৰ পৰা অনাৰ পাচত মৃত বুলি ঘোষণা কৰা হৈছিল; কিন্তু প্ৰকৃততে ঘটনাস্থলিতেই তেওঁ প্ৰাণ হেৰুৱাইছিল ৷”

সেই বিশেষ এলেকাটোত কৌচৰৰ পৰিয়ালৰ এখন বিস্কুটৰ বিপণী আছে ৷ অঞ্চলবাসীৰ বাবে ব্ৰে’ড প্ৰস্তুত কৰিবলৈ তেওঁলোকে প্ৰতিদিনেই একে সময়তে ঘৰৰ পৰা কৰ্মস্থলীলৈ ওলাই যায় ৷ বিপনীখনৰ ওচৰতে নতুন কৈ নিৰ্মাণ কৰা ঘৰটোলৈ তেওঁলোক স্থানান্তৰিত হোৱাৰ পাছত যোৱা ১৩ আগষ্টত আকীব আবদ্ধ হৈছিল বিবাহ পাশত৷ একে সময়তেই দুটাকৈ অনুষ্ঠান উদ্‌যাপন কৰাৰ পাচত নকৈ সজা তেওঁলোকৰ ঘৰটোত এতিয়া কৌচৰৰ অপ্ৰত্যাশিত মৃত্যুৰ শোক পালন কৰিবলৈ সম্বন্ধীয়সকল পুনৰ গোট খাইছে ৷

“এইয়া এক উদ্দেশ্যপ্ৰণোদিত হত্যা ৷” এইদৰে অভিযোগ কৰিছে পৰিয়ালবৰ্গই ৷

কৌচৰৰ মৃত্যুৰ সময়ত তেওঁৰ স্বামী শ্ৰীনগৰৰ “বক্ষ ৰোগসমূহৰ চিকিৎসালয়”ত তেওঁৰ নৈশ প্ৰহৰীৰ দায়িত্বত উপস্থিত আছিল ৷

“আকীবে তেওঁৰ পিতৃক এই খবৰটো দিয়ে৷ কিন্তু সেই পৰ্য়ন্ত তেওঁলোকে কৌচৰৰ মৃত শৰীৰটো উভতাই দিয়া নাছিল ৷” আকীবৰ খুৰাক তথা কৌচৰৰ দেৱৰ মহম্মদ আমিন ছ’ফিয়ে কয় এনেদৰে প্ৰকাশ কৰে লগতে তেওঁ জানিবলৈ দিয়ে যে এতিয়ালৈকে কোনো আৰক্ষী বিষয়া নাইবা কোনো প্ৰশাসনিক বিষয়াই পৰিয়ালটোক খবৰ লবলৈ অহা নাই বৰঞ্চ তেওঁলোকক তেনে অৱস্থাতে অকলশৰীয়াকৈ এৰি দিছে ৷

যিহেতু পৰিস্থিতি এতিয়াও উত্তেজনাময় হৈ আছে, বৰ্তমান সময়ত শৱদেহটো পৰিয়ালক গটাই দিব নোৱাৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷

আৰক্ষী প্ৰশাসনৰ মতে শ্ৰীনগৰৰ বাটমালু অঞ্চলত অভিযানটো নিশা প্ৰায় ২ বজাত আৰম্ভ কৰা হৈছিল আৰু দক্ষিণ কাশ্মিৰৰ তিনিজন উগ্ৰপন্থী আৰু কৌচৰ নিহত হোৱাৰ পাচত অভিযানটোৰ সমাপ্তি ঘটিছিল ৷

সংবাদ মাধ্যমক উদ্দেশ্যি দিয়া ভাষ্যত আৰক্ষী মহানিৰ্দেশক (ডি জি পি) দিলবাগ সিঙে দাবী কৰে যে কৌচৰৰ মৃত্যু হৈছিল উভয় পক্ষৰ গুলীয়াগুলীতহে ৷ অভিযানটো পৰিচালনা কৰা, চি আৰ পি এফৰ এজন উপ কমাণ্ডেন্টো সংঘৰ্ষটো আহত হৈছিল ৷ তেওঁক বৰ্তমান সামৰিক চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে ৷

“দূৰ্ভাগ্যবশতঃ সংঘৰ্ষস্থলিত কৌচৰ ৰিয়াজ নামৰ এগৰাকী মহিলাও নিহত হয় ৷ আমি দুঃক্ষিত যে ঘটনাটোৰ সময়ত এগৰাকী সাধাৰণ নাগৰিকে জীৱন হেৰুৱাব লগা হ’ল ৷” সিঙে এইদৰে কয় ৷

গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে চলিত বৰ্ষৰ ১ জুলাই তাৰিখে উগ্ৰপন্থীৰ এক আক্ৰমণত ৬৫ বছৰ বয়ষীয়া বাছিৰ আহমেদ খান নামৰ এজন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছিল ৷ বাছিৰ আহমেদৰ পৰিয়ালে অভিযোগ কৰে যে বাছিৰে তেওঁৰ তিনি বছৰীয়া নাতিৰ সৈতে যাত্ৰা কৰি থকাৰ অৱস্থাত তেওঁক গাড়ীৰ পৰা বলপূৰ্ৱক উলিয়াই আনি হত্যা কৰা হৈছিল ৷ পৰিয়ালৰ এই দাবীক নিৰাপত্তা বাহিনীয়ে অস্বীকাৰ কৰি আহিছে ৷

ডি জি পিজনৰ মতে চলিত বৰ্ষত এই পৰ্যন্ত অঞ্চলটোত ১৭৭ জনতকৈও অধিক উগ্ৰপন্থী হত্যা কৰা হৈছে ৷ ইয়াৰে ১৬ জন উগ্ৰপন্থীক অকল শ্ৰীনগৰ চহৰৰ সাতটা ভিন্ন অভিযানত বধ কৰা হৈছে ৷ এই ১৬ জনৰ আকৌ সাতজনেই হৈছে শ্ৰীনগৰ চহৰৰ স্থানীয় যুৱক৷

বৃহস্পতিপাৰে নিশা প্ৰায় ২ বজাত আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ নিকটৱৰ্তী এলেকা তথা ঘনবসতিপূৰ্ণ বাটমালু অঞ্চলটোত সংঘৰ্ষটো আৰম্ভ কৰা হৈছিল ৷ সশস্ত্ৰ বাহিনীয়ে জন্মু আৰু কাশ্মীৰ গ্ৰামীণ বেংকৰ অৱসৰ প্ৰাপ্ত বিষয়া মাজিদ গাণিৰ বাসগৃহটো ঘেৰাও কৰিছিল ৷

“সশস্ত্ৰ বাহিনীয়ে আমাৰ দুৱাৰত টুকৰ মাৰিছিল আৰু আমাক ঘৰটো এৰি যাবলৈ কৈছিল ৷ তেওঁলোকে আমাৰ পৰিয়ালৰ চজন সদস্যৰে আটাইকেইটা ম’বাইল ফোন জব্দ কৰিছিল আৰু আমাৰ সন্তানকেইটাক আটক কৰিছিল ৷ তেওঁলোকে আমাক ৰাস্তাতে থাকিবলৈ কৈছিল ৷ কি হ’বলৈ গৈ আছে, আমি একোকে বুজিব পৰা নাছিলোঁ ৷ আমাৰ পৰিয়ালৰ সদস্যকেইজনৰ বাদে আমাৰ ঘৰটোত আৰু কোনো নাছিল ৷” এইদৰে গাণিয়ে ই টিভি ভাৰতক জানিবলৈ দিয়ে ৷

গাণিৰ মতে পুলিচে তেওঁৰ তিনিও পুত্ৰ ক্ৰমান্বয়ে ইজাৰ উল ইছলাম, যি পেচাত এজন বি ইউ এম এছৰ চিকিৎসক; ইদ্ৰিছ উল ইছলাম, যি পেচাত এজন দন্ত চিকিৎসক তথা স্নাতকোত্তৰ শ্বাহীন উল ইছলামক আটক কৰিছিল ৷ আনহাতে তেওঁৰ দুগৰাকী জীয়ৰীৰ এগৰাকীয়ে বৰ্তমান এম বি বি এছৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি আছে ৷

অভিযানটোৱে তেওঁৰ এমহলীয়া ঘৰটোৰ ক্ষতি সাধন কৰাৰ লগতে পৰিয়ালটোৱে অভিযোগ কৰে যে অভিযানটোৰ সময়চোৱাত তেওঁলোকৰ ঘৰৰ পৰা লক্ষ টকা মূল্যৰ সোণৰ আ-অলংকাৰ আৰু নগদ ৪৫,০০০ টকা চুৰি হয় ৷

সংঘৰ্ষস্থলিৰ কাষৰ স্থানীয় বাসিন্দাসকল বা যিসকলে উগ্ৰপন্থী আৰু সশস্ত্ৰ বাহিনীৰ মাজত হোৱা গুলীচালনাত আৱদ্ধ হ’ব লগা হৈছিল ৷ তেওঁলোকে পূৰ্ৱতেও বহুবাৰ অভিযোগ কৰিছে যে পুলিচ কৰ্মীসকলে সচৰাচৰ অভিযানৰ সময়ত তেওঁলোকৰ সোণৰ আ-অলংকাৰ তথা নগদ ধন চোৰ কৰি নিয়ে ৷ উল্লেখ্য যে এই অভিযোগ পুলিচ প্ৰশাসনে সদায়ে খণ্ডন কৰি আহিছে ৷

স্থানীয় লোকসকলৰ মতে অঞ্চলটোত সংঘৰ্ষ আৰম্ভ হোৱাৰ পাচত গুলীবৰ্ষন প্ৰায় ৭.৩০ বজাত বন্ধ হয় ৷ আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক চত্তভংগ দিবলৈ কন্দোৱা গেছৰ ব্যৱহাৰ কৰে ৷ স্থানীয় লোকসকলে কৌচৰৰ হত্যাৰ প্ৰতিবাদৰ চিন স্বৰূপে বাটমালুৰ যাতায়াত ব্যাহত কৰিবলৈ টায়াৰ জলাই বিভিন্ন পথ উপপথ অৱৰোধ কৰে ৷

ইয়াৰ মাজতে আৰক্ষীয়ে ঘটনাটোত এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশনা জাৰি কৰিছে ৷

লগতে পঢ়ক : সীমান্তৰ বিবাদ নিস্পত্তিৰ বাবে চীনক নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.