ETV Bharat / bharat

জে এন ইউত সংকট আৰু ইয়াৰ প্ৰভাৱ

author img

By

Published : Jan 12, 2020, 6:27 PM IST

নতুন দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অব্যাহত থকা প্ৰতিবাদে কেন্দ্ৰীয় চৰকাৰৰ অগণতান্ত্ৰিক প্ৰৱণতাৰ বিৰুদ্ধে যুৱ প্ৰজন্মৰ বাঢ়ি অহা ক্ষোভকে প্ৰতীয়মান কৰে । এই প্ৰতিবাদ দেশৰ শিক্ষিত আৰু ৰাজনৈতিকভাৱে সচেতন যুৱ প্ৰজন্মৰ মাজত থকা ক্ষোভ আৰু নিৰাপত্তাহীনতাৰ প্ৰতিফলন । গতিকে এই প্ৰতিবাদক সুবিধাজনক আৰু উচ্চ পৰ্যায়ৰ নতুন দিল্লীস্থিত বিশ্ববিদ্যালয়ৰ মাজত সীমিত বুলি কোৱাটো উচিত নহয় ।

জে এন ইউত সংকট আৰু ইয়াৰ প্ৰভাৱ
জে এন ইউত সংকট আৰু ইয়াৰ প্ৰভাৱ

নতুন দিল্লী, 12 জানুৱাৰীঃ ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অব্যাহত থকা প্ৰতিবাদে কেন্দ্ৰীয় চৰকাৰৰ অগণতান্ত্ৰিক প্ৰৱণতাৰ বিৰুদ্ধে যুৱ প্ৰজন্মৰ বাঢ়ি অহা ক্ষোভকে প্ৰতীয়মান কৰে । এই প্ৰতিবাদ দেশৰ শিক্ষিত আৰু ৰাজনৈতিকভাৱে সচেতন যুৱ প্ৰজন্মৰ মাজত থকা ক্ষোভ আৰু নিৰাপত্তাহীনতাৰ প্ৰতিফলন । গতিকে এই প্ৰতিবাদক সুবিধাজনক আৰু উচ্চ পৰ্যায়ৰ নতুন দিল্লীস্থিত বিশ্ববিদ্যালয়ৰ মাজত সীমিত বুলি কোৱাটো উচিত নহয় । জে এন ইউৰ প্ৰতিবাদক নাগৰিকত্ব সংশোধনী আইন ২০১৯ আৰু প্ৰস্তাৱিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে দেশৰ অন্যান্য প্ৰান্তত অব্যাহত থকা যুৱ প্ৰজন্মৰ বিক্ষোভৰ দৃষ্টিৰে চাব লাগিব । প্ৰায় এমাহতকৈ অধিক সময়ৰে পৰা প্ৰথমতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা কা বিৰোধী আন্দোলন দেশৰ আন আন অংশলৈ বিয়পিছে । ইয়াক দেশত নতুন ৰাজনীতিৰ অগ্ৰদূত বুলি কোৱাৰ লগতে ইয়াৰ ৰাজনৈতিক প্ৰভাৱক অস্বীকাৰ কৰিব নোৱাৰি ।

জে এন ইউৰ পৰিস্থিতিঃ

বিগত বৰ্ষৰ অক্টোবৰৰ পৰা জে এন ইউৰ ছাত্ৰ-ছাত্ৰীসকলে হোষ্টেলৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে । যেতিয়া পৰিচালনা,মেচ কৰ্মচাৰী,ৰন্ধন,চাফাই কৰ্মচাৰীসকলৰ দৰমহা,পানী আৰু বিদ্যুতৰ খৰচ ছাত্ৰ-ছাত্ৰীয়ে বহন কৰিব লাগিব বুলি কৰ্তৃপক্ষই ঘোষণা কৰে তেতিয়াই বিশ্ববিদ্যালয়খনত প্ৰতিবাদ তীব্ৰ হৈ পৰে । শিক্ষাৰ্থীৰ এই প্ৰতিবাদক ব্যক্তিগতভাৱে ন্যায়সংগত বুলি ভাবো । এই প্ৰতিবাদৰ ফলত ছেমিষ্টাৰটোৰ বিদ্যায়তনিক কাৰ্য আধৰুৱা হৈ ৰয় আৰু সময়মতে পৰীক্ষাসমূহো অনুষ্ঠিত নহয় । এই মাহৰ প্ৰথম ভাগত আৰম্ভ হ’বলগীয়া নতুন ছেমিষ্টাৰৰ বাবেও ৭০ শতাংশ শিক্ষাৰ্থীয়ে পঞ্জীয়ন নকৰে । ইয়াৰ মাজতে বিগত দেওবাৰে নিশা মুখা পিন্ধা দুৰ্বৃত্তই লাঠী,ৰড আৰু চোকা অস্ত্ৰসহ হোষ্টেলত প্ৰৱেশ কৰি শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক আক্ৰমণ কৰাত বহুকেইজন আহত হয় । কিন্তু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য আৰু ফটোগ্ৰাফসহ প্ৰমাণ থকাৰ পাছতো কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ দিল্লী আৰক্ষীয়ে প্ৰায় ৭০ জন আক্ৰমণকাৰীৰ এজনকো চিনাক্ত বা গ্ৰেপ্তাৰ কৰা নাই । এই ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

জে এন ইউৰ ঘটনাক লৈ ৰাজনীতিঃ

ভাৰতৰ সোঁ-পন্থীসকলে জে এন ইউক ইয়াৰ আদৰ্শগত দৃঢ়তা আৰু প্ৰতিষ্ঠানবিৰোধী মতামতৰ বাবে সদায় প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰি আহিছে । পূৰ্বৰ কংগ্ৰেছ বা মৰ্চা চৰকাৰে বিশ্ববিদ্যালয়খনৰ বৌদ্ধিক সমাজৰ দ্বাৰা সমালোচিত হোৱাৰ পাছতো জে এন ইউক সহযোগিতা আগবঢ়াইছিল বা অকলে এৰি দিছিল । কিন্তু বিচ্ছিন্ন কৰা নাছিল । মোদী চৰকাৰে বিক্ষিপ্তভাৱে আন ধৰণৰ নীতি গ্ৰহণ কৰি জে এন ইউৰ শিক্ষাৰ্থী আৰু শিক্ষকক টাৰ্গেট কৰি জে এন ইউক ৰাষ্ট্ৰবিৰোধী বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।
জে এন ইউত কেন্দ্ৰৰ বিজেপি চৰকাৰে সম্পূৰ্ণৰূপে ৰাজনৈতিক লাভালাভ আদায় কৰিবলৈ বিচাৰে । অৰ্থনৈতিক মন্দাৱস্থা,নিবনুৱাৰ আকাশলংঘী হাৰ,ইটোৰ পাছত সিটো নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ পাছত জে এন ইউ বিজেপিৰ বাবে ৰাইজৰ মনোযোগ মূল বিষয়সমূহৰ পৰা আঁতৰ কৰাৰ এক সুবৰ্ণ সুযোগ স্বৰূপ ।

চৰকাৰত থকা লোকসকলে মেৰুদণ্ডহীন মূলসুঁতিৰ সংবাদ মাধ্যমৰ সহায়ত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ক দেশৰ একতা আৰু অখণ্ডতাক থানবান কৰিব খোজাসকলৰ ঘাটি হিচাপে অভিযোগ উত্থাপন যেতিয়া কৰে তেতিয়া সাধাৰণ লোকৰ আন কথা ভাবিবলৈ অৱকাশ নাথাকে । কোৱাটো নিষ্প্ৰয়োজন যে এই অভিযোগসমূহ কোনো তথ্য-প্ৰমাণ নোহোৱাকৈ কৰা হয় যিবোৰৰ কোনোধৰণৰ ন্যায়িক বৈধ্যতা নাথাকে ।

কিছুসংখ্যক অৰ্থনীতিবিদৰ মতে ভাৰতৰ অৰ্থনীতিৰ অৱস্থা বৰ্তমান ৪২ বছৰৰ ভিতৰত সবাতোকৈ শোচনীয় । বিশ্ব বেংকে ২০২০ বিত্তীয় বৰ্ষত ভাৰতৰ বিকাশৰ হাৰ ৫ শতাংশ হ’ব বুলি ভৱিষ্যতবাণী কৰিছে । তেনে এক পৰিস্থিতিত ৰাইজৰ দৃষ্টি আনফালে ঢাল খুৱাবলৈ জে এন ইউ হৈছে সোঁ-পন্থীসকলৰ বাবে পছন্দৰ অস্ত্ৰ । সোঁ-পন্থীসকলৰ বাবে জে এন ইউ হৈছে দেশৰ ভিতৰতে দেশখনক ভাঙিব খোজা কল্পনাপ্ৰসূত শত্ৰুসকলৰ ঘাটি ।

কা+এন আৰ চি+প্ৰতিবাদঃ এক শক্তিশালী সংমিশ্ৰণ

ৰাষ্ট্ৰীয়তাবাদৰ ৰাজনীতিক পৰিচালিত কৰাৰ বাবে বিজেপিৰ দক্ষতা আৰু ইয়াৰ আদৰ্শগত বিৰোধীসকলৰ বিৰুদ্ধে ৰণকৌশল তৈয়াৰৰ দক্ষতা সত্বেও দেশৰ বিভিন্ন প্ৰান্তত মূলতঃ যুৱ প্ৰজন্মৰ নেতৃত্বত গঢ়ি উঠা জনসাধাৰণক নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চি সন্দৰ্ভত পতিয়ন নিয়াব পৰাটো টান বুলি দলটোৱে অনুভৱ কৰিছে । প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ ৰাষ্ট্ৰজোৰা এন আৰ চি-ক লৈ ভিন্ন ভিন্ন মন্তব্য আৰু সাম্প্ৰতিক সময়ত মৌনতাই এই কথাকে প্ৰকট কৰে । দেশৰ ৰাজনৈতিকভাৱে নিৰপেক্ষ চামক আকৰ্ষিত কৰাৰ বাবে বিজেপিৰ সক্ষমতা কমিছে । একেদৰে দ্ৰুত অৰ্থনৈতিক বিকাশৰ পথ প্ৰদৰ্শক হিচাপে মধ্য বিত্তীয় চামটোক আকৰ্ষিত কৰিব পৰা শক্তিও বিজেপিৰ দুৰ্বল হৈ পৰিছে । তেনে এক ক্ষেত্ৰত জে এন ইউৰ বিষয়টোৱে যদিও বিজেপিক কিছু সকাহ প্ৰদান কৰিছে ৷ যদিহে বিভিন্ন প্ৰতিবাদৰ একত্ৰিত ক্ষোভসমূহ দীৰ্ঘকাল বৰ্তি থাকে তেন্তে বিজেপিৰ ডাঙৰ ক্ষতি হোৱাটো নিশ্চিত । ৰাজনৈতিক যুদ্ধক্ষেত্ৰত বিজেপিৰ সবাতোকৈ ডাঙৰ অস্ত্ৰ হ’ল দলটোৰ মেৰুকৰণ কৰিব পৰা ক্ষমতা । কিন্তু বিজেপি বিৰোধী জনপ্ৰিয় শক্তিসমূহে যদি তেওঁলোকৰ নীতিৰ ক্ষেত্ৰত মেৰুকৰণ নোহোৱাকৈ থাকিব পাৰে তেন্তে বহু বিতৰ্কিত পদক্ষেপ বিজেপিয়ে ত্যাগ কৰিবলৈ বাধ্য হ’ব ।

সাম্প্ৰতিক পৰিস্থিতিত এন আৰ চি,নাগৰিকত্ব সংশোধনী আইনক লৈ সৃষ্টি হোৱা মেৰুকৰণক মোডী চৰকাৰে পৰৱৰ্তী নিৰ্বাচনসমূহত ভোট বিচাৰিবলৈ ব্যৱহাৰ কৰিব । এনে এক কাৰণতে সম্ভৱত আম আদমী পাৰ্টীয়ে এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত সচেতনতাৰে স্থিতি গ্ৰহণ কৰিছে । যি কি নহওঁক আন্দোলন যিমানেই দীঘলীয়া আৰু সম্প্ৰসাৰিত হ’ব,ই বিজেপিৰ বাবে সিমানেই ডাঙৰ মূৰৰ কামোৰণি হৈ পৰিব ।

লগতে চাওকঃট্ৰাম্পক সাক্ষাৎ আমেৰিকাস্থিত বিদায়ী ভাৰতীয় প্ৰতিনিধি শ্ৰীংলাৰ

Intro:Body:

The JNU crisis and its implications

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.