ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ ছোপিয়ানত নিৰাপত্তা বাহিনীৰ হাতত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী

author img

By

Published : Aug 18, 2020, 1:56 PM IST

জম্মু-কাশ্মীৰৰ ছোপিয়ান জিলাৰ মালদেৰাত এটা সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ কৰে নিৰাপত্তা বাহিনীয়ে। বাৰামুলা জিলাৰ ক্ৰীৰি অঞ্চলত আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত ২টা সন্ত্ৰাসবাদী নিহত হোৱাৰ এদিনৰ পিছত মঙলবাৰে মালদেৰাত সন্ত্ৰাসবাদীটো গ্ৰেপ্তাৰ কৰে নিৰাপত্তা বাহিনীয়ে।

Terrorist arrested by security forces in J-K's Shopian
জম্মু-কাশ্মীৰৰ ছোপিয়ানত নিৰাপত্তা বাহিনীৰ হাতত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী

নেশ্যনেল ডেস্ক, 18 আগষ্ট : জম্মু-কাশ্মীৰৰ ছোপিয়ানত নিৰাপত্তা বাহিনীৰ জালত নতুনকৈ সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰা সন্ত্ৰাসবাদী। ছোপিয়ান জিলাৰ মালদেৰা অঞ্চলৰ পৰা নিৰাপত্তা বাহিনীয়ে এটা সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে এতিয়াও সন্ত্ৰাসবাদীটোৰ পৰিচয় দিয়াৰ পৰা বিৰত আছে যদিও তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে, ১৭ আগষ্টত বাৰামুলা জিলাৰ ক্ৰীৰি অঞ্চলত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সৈতে হোৱা সন্ত্ৰাসবাদীৰ সংঘৰ্ষত দুটা সন্ত্ৰাসবাদী নিহত হৈছিল। নিহত সন্ত্ৰাসবাদী দুটা লস্কৰ-ই-তৈবাৰ কামাণ্ডাৰ ছাজ্জাদ হাইদৰ আলিয়াছ ৰাজা আৰু অনায়াতুল্লাহ মীৰ। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যুটীয়া তহল অব্যাহত থকাৰ সময়তে আক্ৰমণ কৰিছিল সন্ত্ৰাসবাদী। সংঘৰ্ষত দুজন সেনাও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

লগতে পঢ়ক : ৬৮ সংখ্যক 'মন কী বাত' : দেশবাসীৰ পৰা উপদেশ বিচাৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.