ETV Bharat / bharat

আৰক্ষীৰ জালত নাবালিকা ধৰ্ষণ কাণ্ডৰ 10 অভিযুক্ত - ধৰ্ষণ

ত্ৰিপুৰাৰ খোৱাই জিলাত 21 জুলাইত সংঘটিত হোৱা নাবালিকা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে বুধবাৰে পুনৰ 10 জন অভিযুক্ত আটক কৰে আৰক্ষীয়ে ৷ ঘটনাক লৈ অব্যাহত আছে তদন্ত ৷

Ten arrested in connection with gang rape of minor in Tripura
নাবালিকা ধৰ্ষণ কাণ্ডৰ 10 অভিযুক্তক আটক ত্ৰিপুৰা আৰক্ষীৰ
author img

By

Published : Jul 30, 2020, 9:44 AM IST

নেশ্যনেল ডেস্ক, 30 জুলাই : যোৱা 21 জুলাই ত্ৰিপুৰাৰ খোৱাই জিলাত সংঘটিত হোৱা নাবালিকা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে অব্যাহত আছে তদন্ত ৷ বুধবাৰে ত্ৰিপুৰা আৰক্ষীয়ে পুনৰ 10 জন অভিযুক্ত আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ উপ মহাপৰিদৰ্শক সৌমিত্ৰা ধাৰে সদৰি কৰে এই কথা ৷

উল্লেখ্য যে, উক্ত ঘটনা সন্দৰ্ভত মঙলবাৰে আৰক্ষীয়ে 6 জন অভিযুক্তক আটক কৰিছিল ৷ ৰাজ্যখনৰ বনাঞ্চল এলেকা মুংগিয়াকামীত সংঘটিত হৈছিল এই দলবদ্ধ ধৰ্ষণ কাণ্ড ৷

খোৱাইৰ আৰক্ষী অধীক্ষক কিৰণ কুমাৰ কেই জনোৱা মতে, নাবালিকা গৰাকীয়ে বন্ধুক লগ ধৰি ঘৰলৈ উভতাৰ পথত এখন বাহনত অহা পুৰুষৰ এটা দলে 17 বছৰীয়া নাবালিকা গৰাকীক উপৰ্যুপৰি যৌন নিৰ্যাতন চলায় ৷ দলটোৱে নাবালিকা গৰাকীক ঘৰলৈ লৈ যোৱাৰ প্ৰলোভন দি এই ধৰ্ষণ কাণ্ড সংঘটিত কৰে ৷

ইয়াৰ পাচতে আৰক্ষীয়ে এই জঘন্য ঘটনাৰ সন্দেহত এজাহাৰৰ ভিত্তিত 6 জন অভিযুক্তক আটক কৰে ৷ পৰৱৰ্তী সময়ত নাবালিকা গৰাকীৰ বন্ধু ৰূপেশ সৰকাৰকো আটক কৰে আৰক্ষীয়ে ৷ আনহাতে অভিযুক্ত ধৰ্ষণকাৰী দলটোক সহায় কৰা অন্য চাৰিজন লোকক আটক কৰি ইতিমধ্যে সোধ-পোচ আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

আৰক্ষীয়ে সদৰি কৰা মতে, নাবালিকা গৰাকীয়ে বন্ধু চেলুন ব্যৱসায়ী ৰূপেশ সৰকাৰক লগ ধৰিবলৈ গৈছিল ৷ নাবালিকা গৰাকীয়ে সন্ধিয়া ঘৰলৈ উভতাৰ পথত কোনো বাহন পোৱা নাছিল ৷ ইয়াৰ পাচতে জাহিদ মিয়া নামৰ লোক এজনে নাবালিকা গৰাকীক ঘৰলৈ থৈ অহাৰ প্ৰলোভন দি বাহনখনৰ ভিতৰত থকা অন্য চাৰিজন লোকৰ সৈতে উপৰ্যুপৰি দলবদ্ধ ধৰ্ষণ কৰে ৷

ধৰ্ষণ কাণ্ড সংঘটিত কৰি দলটোৱে নাবালিকা গৰাকীক ইউ বি আই বেংকৰ শাখা কাৰ্যালয়ৰ সমীপৰ তেলিয়ামুৰাত পেলাই থৈ যায় ৷ অৱশেষত নাবালিকা গৰাকীয়ে ৰূপেশক মাতি অনাত ৰূপেশে তেওঁক ওচৰৰ হাস্পতালত ভৰ্তি কৰে ৷

নাবালিকা গৰাকীয়ে আৰক্ষীক জানিবলৈ দিয়ে যে, জাহিদ মিয়া, আহমেদ আলী, বাবুল মিয়া, লিটন মিয়া আৰু জাভেদ মিয়া নামৰ লোককেইজনৰ দলটোৱে তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলায় ৷

ইতিমধ্যে আৰক্ষীয়ে বাহনখন জব্দ কৰে আৰু নাবালিকা গৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আটাইকেইজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় ৷ ইফালে সমগ্ৰ ঘটনাত জড়িত থকাৰ সন্দেহত ৰূপেশকো আটক কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক : ৰাম মন্দিৰ আধাৰশিলা নিৰ্মাণৰ পোনপটীয়া সম্প্ৰচাৰৰ দাবী বিশ্ব হিন্দু পৰিষদৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.