ETV Bharat / bharat

COVID-19 : তেলেংগানাত 22,000 অতিক্ৰম

author img

By

Published : Jul 5, 2020, 5:35 AM IST

শনিবাৰে তেলেংগানাত COVID-19 ত পাঁচজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আক্ৰান্ত হয় 1,850 গৰাকীকৈ লোক ৷ ইয়াৰ লগে-লগে ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে 22,312 গৰাকী ৷ বৰ্তমানলৈকে মুঠ মৃত্যু হৈছে 288 গৰাকী লোকৰ ৷ স্বাস্থ্য বিভাগৰ মতে, বিগত 24 ঘণ্টাত 6,427 টা নমুনাৰ পৰীক্ষা কৰা হৈছে ৷

Telangana's COVID-19 tally crosses 22,000 mark

হায়দৰাবাদ, 5 জুলাই : তেলেংগানাত অব্য়াহত আছে COVID-19 ৰ সংহাৰী ৰূপ ৷ শনিবাৰে ৰাজ্যখনত নতুনকৈ 1,850 টা ঘটনা ধৰাৰ পৰা লগতে মৃত্যু হৈছে পাঁচজনকৈ লোকৰ ৷ ধাৰাবাহিক দ্বিতীয়বাৰৰ বাবে ৰাজ্য়খনত 1,800 ত কৈ অধিক আক্ৰান্তৰ সংখ্যা ধৰা পৰিছে ৷ ইয়াৰ লগে-লগে ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে 22,312 গৰাকী ৷ আনহাতে বৰ্তমানলৈকে মুঠ মৃত্যুৰ সংখ্যা বৃদ্ধি পাই হৈছে 288 গৰাকী ৷ শুকুৰবাৰে 20,000 আক্ৰান্তৰ পৰিসংখ্যা লাভেৰে সৰ্বমুঠ আক্ৰান্ত সংখ্যা হিচাপে ৰাজস্থান আৰু পশ্চিম বংগতকৈ অগ্ৰগতি লাভ কৰে তেলেংগানাই ৷

শনিবাৰে গ্ৰেটাৰ হায়দৰাবাদতেই অকল 1,572 টা ঘটনা পোহৰলৈ আহিছে ৷ স্বাস্থ্য় বিভাগৰ মতে, বিগত 24 ঘণ্টাত তেলেংগানাত 6,427 টা নমুনাৰ পৰীক্ষা কৰা হৈছে ৷ উল্লেখ্য যে, এইটো এদিনত আটাইতকৈ বেছি নমুনাৰ পৰীক্ষা কৰা এক অভিলেখ ৷ ৰাজ্যখনত এতিয়ালৈকে 1,10,545 গৰাকী লোকৰ COVID-19 ৰ নমুনাৰ পৰীক্ষা কৰা হৈছে ৷

ৰাজ্যখনত 22,312 গৰাকী আক্ৰান্তৰ বিপৰীতে 11,537 গৰাকী লোকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ 1,342 গৰাকী লোকে আৰোগ্য লাভ কৰিছে ৷ কিন্তু এতিয়াও ৰাজ্য়খনত সংক্ৰিয় হৈ আছে 10,487 টা ঘটনা ৷

আনহাতে বিগত 24 ঘণ্টাত ভাৰতত 22,000 COVID-19 আক্ৰান্ত ধৰা পৰিছে ৷ ভাৰতত আক্ৰান্তৰ সংখ্যা হৈছে 6,48,315 ৷ এই সময়খিনিত 22,771 টা ঘটনা পোহৰলৈ আহে ভাৰতত ৷ লগতে 442 গৰাকী লোকৰ মৃত্যু হয় ৷ ভাৰতত মৃত্যুৰ সংখ্যা বৃদ্ধি পাই হৈছে 18,655 ৷ এতিয়াও 2,35,433 টা ঘটনা সক্ৰিয় হৈ আছে ভাৰতত ৷

লগতে চাওক-ৰাজ্যত COVID-১৯ ৰ সংক্ৰমণৰ অভিলেখ : এদিনত 1202 গৰাকী আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.