নিউজ ডেস্ক, ২৬ জুলাইঃ শনিবাৰে হায়দৰাবাদত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ধৰ্মগুৰুক । মহামাৰী COVID-19ৰ উপসৰ্গ নিৰাময় দাবী কৰি চিকিৎসা কৰাৰ অভিযোগতে এজন ধৰ্মগুৰুক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
ঘটনা সন্দৰ্ভত মিয়াপুৰ আৰক্ষীয়ে কয় যে,ধৰ্মগুৰুৰ পৰিচয় দি মহম্মদ ইছমাইল নামৰ ব্যক্তিজনে মহামাৰী COVID-19ৰ চিকিৎসাৰ কৰি সম্পূৰ্ণ নিৰাময় কৰিব বুলি তথা COVID-19ত আক্ৰান্ত নহ'বলৈ বহুকেইগৰাকী ব্যক্তিৰ পৰা ১২০০০ টকা সংগ্ৰহ কৰাৰ অভিযোগতে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
আৰক্ষীৰ ভাষ্য অনুসৰি,অভিযুক্ত ধৰ্মগুৰু গৰাকীয়ে একাংশ ব্যক্তিক একগোট কৰি জ্বৰ, পেটবিষ আৰু অন্য় স্বাস্থ্য সম্বন্ধীয় সমস্যাসমূহৰ চিকিৎসা কৰে বুলি দাবী জনাই ।