নিউজ ডেস্ক, 5 মে': তেলাংগানাৰ বিজেপি সভাপতি বান্দি সঞ্জয় কুমাৰে ভংগ কৰিছে সামাজিক দূৰত্বৰ নিয়ম । সোমবাৰে তেওঁ সমৰ্থক সকলৰ সৈতে ৰংগা ৰেড্ডী জিলাৰ ক'হিদা গাঁৱত বৰষুণৰ ফলত ভাগি পৰা ফলৰ বজাৰ পৰিদৰ্শনৰ বাবে যায় ।
তাৰেই ভিডিঅ' এটাত দেখা গৈছে যে, কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে মানি চলিব লগা কোনো নীতি-নিৰ্দেশনা মানি চলা নাছিল সভাপতি গৰাকীৰ লগতে তেওঁৰ সমৰ্থক সকলে ৷
আনকি সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীয়েও এই ক্ষেত্ৰত লোৱা নাছিল কোনো ব্যৱস্থা ।
উল্লেখ্য যে, সোমবাৰে ৰাজ্যখনত 3 টা COVID -19 ৰ কেচ পোৱা গৈছে আৰু এই মহামাৰীত আক্ৰান্তৰ সংখ্যা 1085 লৈ বৃদ্ধি হৈছে । উল্লেখ্য যে, ৰাংগা ৰেড্ডী জিলাখনৰ কেবাটাও স্থানক "ৰেড জ'ন" এলেকা হিছাপে চিনাক্ত কৰা হৈছে ।