ETV Bharat / bharat

তামিল অভিনেত্ৰী বিজয়া লক্ষ্মীৰ আত্মহত্য়াৰ চেষ্টা

জনপ্ৰিয় তামিল অভিনেত্ৰী বিজয়া লক্ষ্মীৰ আত্মহত্য়াৰ চেষ্টা । অভিনেত্ৰীৰ পৰা ৰাজনীতিত ভৰি থোৱা বিজয়া লক্ষ্মীয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ৰাজনৈতিক নেতা সীমন আৰু তেখেতৰ দলৰ সদস্যই কৰি অহা মানসিক হাৰাশাস্তিৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰে বুলি মত প্ৰকাশ কৰে ।

author img

By

Published : Jul 27, 2020, 2:18 PM IST

তামিল অভিনেত্ৰী বিজয়া লক্ষ্মী
তামিল অভিনেত্ৰী বিজয়া লক্ষ্মী

নিউজ ডেস্ক, ২৭ জুলাইঃ বলিউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ চাঞ্চল্য মাৰ নাযাওতেই দেওবাৰে পুনৰ আত্মহত্যাৰ চেষ্টা চলালে তামিল অভিনেত্ৰী বিজয়ালক্ষ্মীয়ে । যাৰ বাবে বিজয়ালক্ষ্মীক চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ।

অভিনয় জগতৰ পৰা ৰাজনীতিত ভৰি থোৱা বিজয়ালক্ষ্মীয়ে ছ'চিয়েল মিডিয়াযোগে প্ৰকাশ কৰে যে, অভিনেতা তথা ৰাজনীতি বিষয়া সীমন আৰু তেখেতৰ পাৰ্টীৰ সদস্যই বিজয়ালক্ষ্মীক দীৰ্ঘদিন ধৰি অপমান তথা লাঞ্ছনা কৰি আহিছে । তাৰোপৰি নাম ঠামিঝাৰ পাৰ্টীৰ নেতা সীমন আৰু পাননকট্টু পডাই হৰি নাদৰ মতামত সন্দৰ্ভত পাৰ্থক্য থকাৰ কাৰণে অভিনেত্ৰী গৰাকীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে ।

আনহাতে, দেওবাৰে ফেচবুকযোগৰ জৰিয়তে অভিনেত্ৰী গৰাকীয়ে এটি পোষ্ট শ্বেয়াৰ কৰে য'ত বিজয়ালক্ষ্মীয়ে অধিক মাত্ৰাত ৰক্তচাপ কম কৰা ঔষধ সেৱন কৰে বুলি উল্লেখ কৰাৰ লগতে সেই ঔষধ সেৱনৰ বাবেই অভিনেত্ৰী গৰাকীৰ মৃত্য়ু হোৱাৰ আশংকা আছে বুলি উল্লেখ কৰে ।

লগতে এটি ভিডিঅ' শ্বেয়াৰ কৰি কয় যে, "এইটো মোৰ অন্তিমটো ভিডিঅ' । মই বিগত চাৰি মাহৰ পৰা সীমন আৰু তেখেতৰ দলৰ সদস্যৰ কাৰণে মানসিক চাপত ভুগিছো । মই মোৰ মা আৰু ভনীৰ কাৰণে ইমান দিন জীয়াই থাকিবলৈ চেষ্টা কৰিছিলো । কিন্তু মোক সংবাদ মাধ্যমৰ জৰিয়তেও অপমান কৰে । যাৰ বাবে মই কিছু সময় আগতে অধিক মাত্ৰাত ৰক্তচাপৰ ঔষধ সেৱন কৰো । কিছু পাচতে মোৰ উক্তচাপ হ্ৰাস পাব আৰু কেইঘণ্টাৰ ভিতৰত মোৰ মৃত্যু হ'ব । মই সেই অনুৰাগী সকলক কবলৈ বিচাৰিছো যি এই সময়ত ভিডিঅ'টো চাই আছে মই কৰ্ণাটকত জন্মগ্ৰহণ কৰিছো । আৰু সীমনে মোক দীৰ্ঘদিন ধৰি মানসিকভাৱে নিৰ্যাতন কৰি আহিছে । "

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.