ETV Bharat / bharat

গুজৰাটত মৃত্যু তামিলনাডুৰ শ্ৰমিকৰ

অসুস্থতাৰ বাবে চুৰটত মৃত্য়ু এগৰাকী ৫৮ বছৰীয়া তামিলনাডুৰ শ্ৰমিকৰ । তামিলনাডুৰ তিৰুনেলভেলী জিলা প্ৰশাসনৰ সহায়ৰ ফলত চাৰি দিনৰ অন্তত পৰিলায়ে লাভ কৰিলে মৃতদেহ ।

Tamil Nadu man dies in Gujarat; district admin helps in bringing corpse back
Tamil Nadu man dies in Gujarat; district admin helps in bringing corpse backTamil Nadu man dies in Gujarat; district admin helps in bringing corpse back
author img

By

Published : Apr 18, 2020, 9:05 AM IST

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ লকডাউনৰ মাজতেই গুজৰাটৰ চুৰটত মৃত্যু হয় তামিলনাডুৰ এগৰাকী প্ৰৱাসী শ্ৰমিকৰ । শাৰিৰীক অসুস্থতাৰ বাবেই ৫৮ বছৰীয়া শ্ৰমিকগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । লকডাউনৰ মাজত তিৰুনেলভেলী জিলা প্ৰশাসনৰ সহায়ৰ ফলতেই পৰিয়ালক লোকে মৃতদেহ চমজি ল'বলৈ সক্ষম হয় ।

৫৮ বছৰীয়া ছুব্বুৰাজ নামৰ লোকজন তিৰুনেলভেলী চহৰৰ নিৱাসী আছিল । কৰ্মসূত্ৰে ১৫ বছৰৰ পৰা চুৰটত বাস কৰি আছিল । যোৱা ১২ এপ্ৰিলত শাৰিৰীক অসুস্থতাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হয় লোকজনক । কিন্তু তাতে মৃত্যুবৰণ কৰে লোকজনে ।

  • சூரத்தில் தொழில் செய்து வருபவர். உடல்நிலை குறைவு காரணமாக இறந்துவிட்டார். தனது கணவரது உடலை திருநெல்வேலி கொண்டு வந்தே ஆக வேண்டும் என்ற வேண்டுகோள்.சூரத் மாவட்ட நிர்வாகத்தின் உதவியை பெற்று மாவட்ட ஆட்சியரின் உத்தரவிற்கு இணங்க இன்று திருநெல்வேலி கொண்டு வரப்பட்டார். pic.twitter.com/PFZtykkwud

    — Sivaguru Prabakaran IAS (@SivaguruIAS) April 16, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লকডাউনৰ মাজত কেনেকৈ মৃতদেহ লাভ কৰিব তাক লৈ চিন্তিত হৈ পৰিছিল শ্ৰমিকগৰাকীৰ পৰিয়ালটো । যাৰ বাবে মৃত লোকজনৰ পত্নীয়ে জিলা উপায়ুক্তৰ কাষ চাপিছিল । জিলা উপায়ুক্তৰ সহায়ৰ ফলত চাৰি দিনৰ অন্তত এখন বে-চৰকাৰী এম্বুলেঞ্চত মৃতদেহটো আনি চমজাই দিয়া হয় পৰিয়ালটোক । এই সকলো খিনিৰ মাজতেই মুখ্য সমস্যা আছিল চালক বিচাৰি পোৱাটো । কাৰণ কৰ'ণা ভাইৰাছৰ বিভীষিকা আৰু লকডাউনৰ মাজত কোনো লোকে যাবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল । অৱশেষত এজন চালক মান্তি হোৱাত প্ৰায় ৪০০০ কিলোমিটাৰ দুটা ৰাউণ্ডৰ যাত্ৰাৰ পাচত চাৰি দিনৰ অন্তত মৃতদেহ লাভ কৰে ভুক্তভোগী পৰিয়ালটোৱে ।

  • কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ সময়ত আৰ্তজনৰ কাষত খালছা চেন্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.