নিউজ ডেস্ক, 11 আগষ্ট : ভোপালৰ আদালতে সোমবাৰে মাৰ্চ মাহত ক'ভিড-19 ভয়াৱহতাৰ বাবে জাৰি কৰা নিৰ্দেশনাসমূহক উলংঘা কৰি দিল্লী আৰু ভোপালত ধাৰ্মিক আয়োজনত ভাগ লোৱাৰ বাবে কিৰ্গিস্থানৰ 12 গৰাকী তবলীগ জামাতৰ সদস্যৰ ওপৰত 6000 হাজাৰ টকাৰ জৰিমনা আৰোপ কৰে ৷
অন্য এখন আদালতে ইণ্ডোনেচীয়াৰ 12 জনৰ ওপৰত 7000 টকাকৈ জৰিমনা বিহে ৷ 6 আগষ্টত এই কথা জানিবলৈ দিয়ে ভোপালৰ জিলা প্ৰসিকিউশন বিষয়াই ৷
![Tablighi Jamaat: Bhopal court imposes fine of Rs 6k on 12 foreigners from Kyrgyzstan](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8372528_980_8372528_1597104437809.png)
উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ মাৰ্চ মাহত দিল্লীৰ নিজামুদ্দিন মৰকজত তৱলিগি জামাতত অংশ লোৱা বিদেশী নাগৰিক সকলক নিৰ্দেশ দিয়ে যাতে তেওঁলোকে দেশৰ বাহিৰত উলিওৱাৰ পূৰ্বে ছালিচেটৰ জেনেৰেলৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰে বা অৱগত কৰে ৷ যাৰ দ্বাৰা তেওঁলোকৰ বিৰুদ্ধে কোনো গোচৰ সক্ৰিয় হৈ আছে নে নাই সেয়া জানিব পৰা যায় ৷
উল্লেখ্য যে, ন্যায়াধীশ এ এম খানৱিকাৰৰ বিচাৰপীঠে জামাতত অংশ লোৱা উক্ত বিদেশী নাগৰিক সকলৰ দ্বাৰা দাখিল কৰা আবেদন সমূহৰ শুনানি প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ কিয়নো এই সকল লোকৰ পাৰপত্ৰ জব্দ কৰি দিয়া হৈছিল আৰু নিজামুদ্দিন মাৰ্কাজৰ উক্ত অনুষ্ঠানত ভাগ লোৱাৰ বাবে ভিজাও স্থগিত কৰি দিয়া হৈছিল ৷
লগতে পঢ়ক : কাৰ্বি আংলঙত কোভিড আক্ৰান্ত মৃতকৰ সংখ্যা 6 গৰাকীলৈ বৃদ্ধি