ঝাৰখণ্ড, 14 অক্টোবৰ : ঝাৰখণ্ডৰ চাইবাছাত মঙলবাৰে ডাইনীৰ সন্দেহত আঠজন লোকক হত্যা কৰাৰ এক ঘটনা সংঘটিত হৈছে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, এজন আদিবাসী ব্যক্তি গুমডি ছুৰেণে সদৰ হাস্পতালত গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত অৱস্থাত উপস্থিত হয়হি ৷ লোকজনে কয় যে,তেওঁৰ খুৰাকে তেওঁৰ পৰিয়ালৰ 8 জন লোকক হত্যা কৰিছে ৷
লোক জনে এনেদৰে কয়,"মই আৰু মোৰ খুড়াৰ একেই নাম-গুমডি ছুৰিণ । মই যোৱা 10-15 দিন ধৰি কাব্ৰাগুতোত মোৰ খুলশালীয়েকৰ ঘৰত বাস কৰি আছো। মোৰ খুৰাই মোক হত্যা কৰিবলৈ ইয়াত উপস্থিত হয়হি । কিন্তু,মই সেই স্থানৰ পৰা পলাই গ'লো আৰু মোৰ ভন্টিৰ ঘৰত উপস্থিত হ'বলৈ সমৰ্থ হ'লো। তাই মোক চিকিৎসালয়লৈ লৈ আনে । মোৰ সন্দেহ আছে যে,মোৰ খুৰাই তেওঁৰ ভাতৃ আৰু 4 টা সন্তানসহ তেওঁৰ পৰিয়ালৰ 8 জন সদস্যক হত্যা কৰিছে",
লগতে পঢ়ক: কোনো কাৰণতে মাদ্ৰাছা বন্ধ হ’বলৈ নিদিয়াৰ হুংকাৰ মাদ্ৰাছা শিক্ষক সন্থাৰ