তেজপুৰ, 18 আগষ্ট : প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ পৰ্যটকৰ আকৰ্ষিত এখন ওলোমা দলঙে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ চিয়াং জিলাৰ বলেং ৰাজহ চক্ৰৰ অন্তর্গত তিনিখন ওলমা দলং পাৰেঙ মি-এক আই-এম ইমাই পাৰেং আৰু চিনে গাঁৱৰ মাজত চিমাং নদীৰ ওপৰত নিৰ্মাণ কৰি উলিয়াইছে । কিন্তু এই দলং খনৰ আছে এক বিশেষ বৈশিষ্ট ৷ এটা দিশৰ পৰা দলঙখন নিৰীক্ষণ কৰিলে আনটো দিশ এটা সৰু চুঙাৰ দৰে দেখিবলৈ পোৱা যায় ৷ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু দলঙখন দুৰ্গম অঞ্চলত অৱস্থিত হোৱাৰ বাবে পৰ্যটকৰ বাবে আশা কৰা মতে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠা নাই ৷
কাবুং নামৰ ঠাইত অন্য দিশে কাবুং নদীৰ ওপৰত 3 খন গাঁও আছে, ইবুক, লিছিং আৰু মিছিং গাঁৱৰ মুঠ 200 জনবসতি লোকক সংলগ্ন কৰিছে এই সুৰংগৰ দৰে নিৰ্মাণ কৰা ওলমা দলঙখনে । ইয়াৰে তৃতীয়খন চিমাং ওলমা দলং সীমান্তৰ উপৰিভাগত নিৰ্মাণ কৰা শেষখন দলং আৰু দুখন গাঁৱৰ মাজত লিছিং আৰু মিছিং প্ৰায় 100 ঘৰ লোকক সংযোগ কৰিছে । অতি কম জনসংখ্যাৰে গঢ় লৈ উঠা অঞ্চলটোত বাটপথ সম্পূৰ্ণ দুৰ্গম, কিন্ত এই অঞ্চল বছৰৰ সকলো সময়তে শীতৰ অনুভৱ হয় । মিচিং গাঁৱৰ সীমাত অৰুণাচল প্ৰদেশৰ মইলুং ৰাষ্ট্ৰীয় উদ্যান সংলগ্ন আৰু এই দুয়োখন গাঁৱলৈ যোৱাৰ কোনো ধৰণৰ যোগাযোগ ব্যৱস্থা কৰা পথ নাই আৰু দুয়োখন গাঁৱত প্ৰায় 20 ঘৰ মানুহ থকা বুলি এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ।
এই দলং সমূহ স্থানীয় লোকৰ সহযোগিতাত বাঁহ আৰু বেতৰে নিৰ্মাণ কৰা হয় আৰু প্ৰায় ৪-৬ দিনৰ ভিতৰতে নিৰ্মাণ কৰা বুলি জানিব দিয়ে । এই অঞ্চলৰ লোক সকল অতি সহজ-সৰল আৰু তেওঁলোকে জীৱন নিৰ্বাহৰ বাবে বেছি সংখ্যক বনজ সম্পদৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয় । এই অঞ্চললৈ যাবলৈ চিয়াং জিলাৰ বলেং ৰাজহ চক্ৰৰ একমাত্ৰ চহৰ বলেং ৰ পৰা এই ঠাইলৈ যাবলৈ 2 দিন সময় লাগে । বলেঙৰ পৰা গাড়ীত গৈ চুপলে কেম্প পোৱাৰ পিচত ইয়াৰ পৰা খোজকাঢ়ি ইবুক গাঁও তাৰ পিচত কাবুং নদী পাৰ হৈ অন্য এখন ওলমা দলং পাৰ হৈ ইবুকত নিশা কটাই দ্বিতীয় দিনা পুৱা চিমাং নদী পাৰ হৈ লিছিং অঞ্চলত উপস্থিত হ'ব লাগে । সম্প্ৰতি অৰুণাচল প্ৰদেশৰ পেমা খাণ্ডু নেতৃত্বাধীন চৰকাৰখনে পৰ্যটনৰ দিশ সামৰি এই অঞ্চল সমূহত কিছুমান আঁচনি গ্ৰহণ কৰিছে যদিও এনে বহু দুৰ্গম অঞ্চল এতিয়াও অৱহেলিত হৈ আছে ।
লগতে পঢ়ক : জম্মু-কাশ্মীৰৰ ছোপিয়ানত নিৰাপত্তা বাহিনীৰ হাতত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী