ETV Bharat / bharat

কেৰালা হাস্পতালৰ পৰা উধাও সন্দেহজনক ক'ভিড-19 ৰ ৰোগী - থিৰুবনন্থপুৰম

কেৰালাৰ হাস্পতালৰ পৰা পলায়ন ক'ভিড-19 ত আক্ৰান্ত সন্দেহজনক ৰোগী ৷ আৰক্ষীৰ অভিযান অব্যাহত ৷

কেৰালা হাস্পতাল
উধাও সন্দেহজনক ক'ভিড-19 ৰ ৰোগী
author img

By

Published : Mar 25, 2020, 9:08 PM IST

নেশ্যনেল ডেস্ক, 25 মাৰ্চ : পশ্চিমবংগৰ এগৰাকী ক'ভিড-19 ত আক্ৰান্ত সন্দেহজনক ৰোগী বুধবাৰে উধাও হৈছে কেৰালাৰ এখন হাস্পতালৰ পৰা ৷

প্ৰায় ত্ৰিশ বৰ্ষীয় বুলি অনুমান কৰা লোকজনক ধৰিবৰ বাবে আৰক্ষী বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ঘটনা সম্পৰ্কত সকলো আৰক্ষী চকীলৈ খবৰ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী বিভাগে ৷

এই মাহৰ আৰম্ভণিতে কেৰালাৰ আন এখন হাস্পতালৰ আইছ'লেচন ৱাৰ্ডৰ পৰাও এজন সন্দেহজন আক্ৰান্ত লোকে পলায়ন কৰিছিল ৷ কিন্তু, ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাচতে লোকজনক ধৰিবলৈ সক্ষম হৈছিল আৰক্ষী বিভাগ ৷

ইটালীৰ পৰা ওভতি অহাৰ পাচতে ক'ভিড-19 ত আক্ৰান্ত হোৱা এটা পৰিয়ালৰ সংস্পৰ্শলৈ আহিছিল পলায়ন কৰা এই লোকজনে ৷

আৰু : লকডাউনৰ সময়ত বাহাল থাকিব অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহ আৰু সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.