নিউজ ডেস্ক, ২২ জুন : অভিনেতা সুশান্ত সিং ৰাজপুতে মুম্বাইৰ নিজ বাসগৃহত আত্মহত্যা কৰাৰ পিচতে অভিনেতা জনৰ আত্মহত্যা সহজভাবে লব নোৱাৰি সুশান্ত সিঙৰ এগৰাকী ১২ বছৰীয়া কিশোৰী অনুৰাগীয়ে আত্মহত্যা কৰিছিল ।
কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি, অভিনেতা জনৰ মৃত্যুৰ খবৰ সংবাদ মাধ্যমত পোৱাৰ পিচতে কিশোৰী গৰাকী শোকত ভাগি পৰিছিল ।
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, কিশোৰী গৰাকীৰ পিতৃ এজন অভিযন্তা আছিল যাৰবাবে ঘৰৰ বাহিৰত থাকিব লগা হৈছিল । আনহাতে, কিশোৰী গৰাকীয়ে উত্তৰ প্ৰদেশৰ ঘৰত মাক, ভনীয়েক আৰু আইতাকৰ সৈতে বাস কৰিছিল । কিশোৰী গৰাকীৰ মৃত্যুৰ কাৰণ যিহেতু সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা, গতিকে আৰক্ষীয়ে সকলো অভিভাৱকক নিজৰ সন্তানক সংবাদ মাধ্যম বা ছ'চিয়েল মিডিয়াৰ এনেকুৱা ঘটনা বোৰৰ পৰা দূৰত ৰাখিবলৈ অনুৰোধ জনাইছে ।
কিশোৰী গৰাকীয়ে আত্মহত্যা কৰাৰ পিচতে আৰক্ষীয়ে এখন চুইচাইড নোট উদ্ধাৰ কৰিছিল, য'ত স্পষ্টকৈ উল্লেখ আছিল যে, তেওঁ যদি তেনেকুৱা কৰিব পাৰে গতিকে মইও কৰিব পাৰো ।
ইয়াৰ পূৰ্বেও উৰিষ্যাত এগৰাকী যুৱতীয়ে আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল । একেদৰে ১৭ জুনত আণ্ডামান আৰু নিকোবৰ দ্বীপত এগৰাকী যুৱতীয়ে আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল । আৰক্ষীয়ে যুৱতী গৰাকীৰ পৰা কোনো ধৰণৰ চুইচাইড নোট পোৱা নাই যদিও যুৱতী গৰাকীৰ ডায়েৰীত সুশান্ত সিং ৰাজপুতৰ বিভিন্ন তথ্য পোৱা গৈছিল ।
লগতে পঢ়ক : সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্তঃ ১৩ জন লোকৰ বিবৃতি গ্ৰহণ আৰক্ষীৰ