নিউজ ডেস্ক, ৬ জুলাইঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সন্দৰ্ভত শুকুৰবাৰে ছবি নিৰ্দেশক সঞ্জয় লীলা ভাঞ্চালীক জেৰা কৰে মুম্বাই আৰক্ষীয়ে । জেৰাৰ সময়ত নিৰ্দেশক গৰাকীয়ে কোৱা সকলো কথা ৰেকৰ্ড কৰে মুম্বাই আৰক্ষীয়ে । ভাঞ্চালীয়ে সুশান্ত সিং ৰাজপুতক ছবিৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল যদিও তাৰিখ সংক্ৰান্তীয় সমস্যাৰ বাবেই কাম একেলগত কাম কৰিব নোৱাৰে বুলি মত প্ৰকাশ কৰে ।
বিগত ১৪ জুনত মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত চীপলৈ আত্মহত্যা কৰিছিল বলিউড অভিনেতা সুশান্ত সিং ৰাজপুতে । ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে ২৯ গৰাকী ব্যক্তিক জেৰা কৰে । য'ত ৰাজপুতৰ পৰিয়ালৰ সদস্য, অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী, কাষ্টিং ডাইৰেক্টৰ মুকেশ ছৱৰা, য়ছৰাজ ফিল্মছৰ কাষ্টিং ডাইৰেক্টৰ ছানু শৰ্মা আৰু অভিনেত্ৰী সঞ্জনা সাংঘীসহ অভিনেতাজনৰ ঘনিষ্ঠ বন্ধুসকলক ।