ETV Bharat / bharat

লক ডাউন সমাপ্তিৰ পিচতো নিৰীক্ষণ অব্যাহত থাকিব ! - কৰ'ণা ভাইৰাছ

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ এক উৎসৰ পৰা জানিব পৰা গৈছে যে,দেশত চলি থকা লক ডাউন শেষ হোৱাৰ পিচতো ইনফ্লুৱেঞ্জাৰ বিৰুদ্ধে নিৰীক্ষণ অব্যাহত থাকিব ।

Surveillance for ILI and SARI to continue after withdrawal of lockdown: Government
লক ডাউন সমাপ্তিৰ পিচতো নিৰীক্ষণ অব্যাহত থাকিব !
author img

By

Published : Apr 19, 2020, 10:38 AM IST

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখিয়ে দেশত এতিয়া দ্বিতীয়টো লক ডাউন । ৩ মে'ৰ লৈ বৃদ্ধি কৰা হৈছে দ্বিতীয়টো লক ডাউনৰ সময়-সীমা । কিন্তু লক ডাউনৰ শেষ হোৱাৰ পাচতো ইনফ্লুৱেঞ্জা যেনেকৈ শাৰীৰিক অসুস্থতা আৰু চাৰ্ভ এক্যুৱেট ৰেছপিৰেটৰী ইনফেকশ্যন (SARI) ৰ ওপৰত নিৰিক্ষণ চলি থাকিব বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে ইয়াৰ ওপৰত এক সম্পূৰ্ণ কাৰ্যকৰী পৰিকল্পনা আৰু নিৰ্দেশাৱলী প্ৰস্তুত কৰি উলিয়াইছে স্বাস্থ্য মন্ত্ৰণালয়ে ।

নিৰ্দেশাৱলীত কোৱা হৈছে শেষ কৰ'ণা ৰোগীৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাচত অতি কমেও চাৰি সপ্তাহলৈ ভৌগোলিক অঞ্চল (Geographical Zone)ত যদি পৰীক্ষাগাৰৰ পৰা কোনো ধৰণৰ কোভিড-১৯ৰ ঘটনা পোহৰলৈ নাহে তেতিয়া সংৰক্ষণ অপাৰেশ্যন (containment operation) কমাই দিয়া হ'ব । কিন্তু তেতিয়ালৈ ২৮ দিনৰ বাবে সকলো নিয়ম অনুসৰণ কৰিব লাগিব । স্বাস্থ্য মন্ত্ৰণালয়ৰ নিয়মাৱলীত কোৱা হৈছে যে,সংৰক্ষণ অপাৰেশ্যনৰ দিনৰ পৰা ২৮ দিনলৈ সকলো নিয়ম মানি চলিব লাগিব । যেতিয়ালৈ সংৰক্ষণ জ'নৰ (containment zone) অন্তিমটো কেচ নিগেটিভ নহয় ।

আনহাতে কোৱা হৈছে ভৌগলিক বিচ্ছিন্নতাৰ জৰিয়তে সংৰক্ষণ অপাৰেশ্যনৰ সাফল্য় নিৰ্ধাৰণ কৰে ক্লাষ্টাৰৰ সংখ্য়া তথা আকাৰ,ভৌগলিক পৃথকীকৰণৰ কাৰ্যকাৰিতা,সক্ৰিয় ঘটনা সন্ধানৰ ক্ষেত্ৰত জনস্বাস্থ্যৰ প্ৰতিক্ৰিয়া,বৃহৎ পৰিমাণৰ ঘটনাৰ পৰীক্ষা,সন্দেহযুক্ত নাগৰিকক অতি সোককালে পৃথকীকৰণ কৰা ইত্যাদিৰ ওপৰত ।

বৰ্তমালৈকে সমগ্ৰ দেশত ১৭০ টা হটস্পট আৰু ২০৭ টা অ-হটস্পটৰ জিলা চিনাক্ত কৰা হৈছে । আনহাতে ৪০০ খন জিলা এতিয়াও COVID-১৯ মহামাৰীৰ পৰা মুক্ত ।

লগতে চাওক- ভাৰতলৈ চিকিৎসা সামগ্ৰী আনিবলৈ চীনলৈ ৰাওনা এয়াৰ ইণ্ডিয়াৰ বিমান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.