নিউজ ডেস্ক, 18 আগষ্ট : দেশত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে মঙলবাৰে উচ্চতম ন্যায়ালয়ে এক জাননী যোগে CBSC ৰ অধীনৰ নৱম আৰু দ্বাদশ শ্ৰেণীত বিফলতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰী সকলৰ কম্পাৰ্টমেন্ট পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ICSE ক নীতি গ্ৰহণৰ বাবে আবেদন জনায় ৷
13 মে'ত CBSC য়ে এক বিক্ষপ্তি যোগে নৱম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল ৷ কিন্তু শীৰ্ষ আদালতে বৰ্তমান ক'ভিড-19 ৰ সময়ত পৰীক্ষা অনুষ্ঠিত কৰাটো সুৰক্ষিত নহয় বুলি জনাইছিল ৷ যাৰবাবে এই সন্দৰ্ভত উপযুক্ত নীতি গ্ৰহণৰ পোষকতা কৰিছে উচ্চতম ন্যায়ালয়ে ৷
লগতে পঢ়ক : কাছাৰত অবৈধ শিলৰ ব্যৱসায়ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ