নিউজ ডেস্ক, ৩০ জানুৱাৰী: কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখনকৈ কৃষি আইনৰ বিৰুধীতাৰে অব্যাহত থকা প্ৰতিবাদক সমগ্ৰ দেশৰ আন্দোলন বুলি আখ্যা দিছে শিৰুমনি আকালি দল চমুকৈ এছ এ ডিৰ সভাপতি সুখবীৰ সিং বাদলে । শুকুৰবাৰে বাদলে এক সংবাদমেল সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে । দিল্লীৰ সিংঘু আৰু গাজিপুৰ ধৰ্ণাস্থলীত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে বিজেপিয়ে প্ৰৰোচিত কৰাৰ অভিযোগ তুলি কেন্দ্ৰৰ বিজেপি শাসিত চৰকাৰক সমালোচনা কৰে । ইয়াৰোপৰি সাম্প্ৰদায়িক সংবেদনশীল এলেকাত সাম্প্ৰদায়িক শ্লোগান পৰ্যন্ত দিয়া বুলিও কয় বাদলে । কৃষি আইনৰ বিৰুদ্ধে তেওঁলোকৰ শান্তিপূৰ্ণ আন্দোলনক চৰকাৰে ধ্বংস কৰিবলৈ চেষ্টা কৰে বুলি অভিযোগ উত্থাপন কৰে । কিন্তু গেৰুৱা দলে প্ৰতিবাদী কৃষকসকলক ইচ্ছানুসৰি শিলাবৰ্ষণ কৰে । যাৰ ফলত এই হিংসাত্মক ঘটনাৰ সৃষ্টি হয় । উক্ত অঞ্চলবাসীয়ে কৃষকসকলৰ এই আন্দোলনৰ বিৰোধীতা কৰিছে বুলি বিজেপিয়ে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে । যাৰ পৰিণতিত দেশৰ শান্তি-শৃংখলা ভংগ হোৱাৰ সম্ভাৱনাৰ ধাৰণা কৰা হৈছে ।
তেওঁ লগতে কয় যে, ভাৰত সকলোৰে বাবে । কোনো নিৰ্দিষ্ট এটা দলৰ বাবে নহয় । দেশবাসীয়ে দেশপ্ৰেমৰ প্ৰমাণ দাঙি ধৰিবলৈ কোনো দল-সংগঠনৰ পৰা প্ৰমাণপত্ৰৰ প্ৰয়োজন নায় । ইয়াৰ বাবে সংবিধানে সকলোকে সম অধিকাৰ প্ৰদান কৰিছে আৰু এই অধিকাৰক কোনেও খৰ্ব কৰিব নোৱাৰে । বিজেপি কৰ্মীসকলক হিংসাত্মক ঘটনাৰ সৃষ্টি নকৰিবলৈ আহ্বান জনাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অনুৰোধ জনায় ।
কেন্দ্ৰ চৰকাৰে দমন নীতি প্ৰয়োগ কৰিছে । কৃষকৰ এই আন্দোলনক মোডী চৰকাৰে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰি অত্যাচাৰী শাসন প্ৰয়োগ কৰিবলৈ লোৱাটো সঁচাকৈ এক দুৰ্ভাগ্যজনক । একেই শাসন ব্যৱস্থা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়েও প্ৰয়োগ কৰিছিল । যাৰ ফলত শাসনৰ বাঘজৰীৰ পৰা দেশবাসীয়ে আঁতৰাইছিল একালৰ প্ৰতাপী মন্ত্ৰীগৰাকীক, এইদৰে কয় বাদলে ।
ইয়াৰোপৰি তেওঁ কয় যে, গণৰাজ্য দিৱসত হোৱা এই ঘটনাৰ আইন শৃংখলা বজাই ৰখাটো মোডী আৰু শ্বাহৰ একমাত্ৰ দায়িত্ব আছিল । লগতে সংবাদ মাধ্যমে যাতে দেশৰ শান্তি-শৃংখলা ভংগ কৰাৰ দৰে সংবাদ পৰিৱেশন নকৰে আৰু ইয়াৰ দ্বাৰা যাতে দেশত শান্তি ভংগ নহয় তাৰবাবে আহ্বান জনায় বাদলে ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে নেতাগৰাকীয়ে বিজেপিৰ সাংসদ সকলৰ সৈতে থকা এক বৈঠক বাতিল কৰি কৃষি আইনৰ বিৰোধীতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল । ইয়াৰোপৰি কৃষক নেতা ৰাকেশ টিকাইটৰ সৈতে বাদলে টেলিফোনিক বাৰ্তালাপ কৰি এই আন্দোলন অব্যাহত থাকিব বুলি কয় । কোনোপধ্যে ইয়াক বাতিল কৰা নহয় বুলিও স্পষ্ট কৰি দিলে বাদলে ।
লগতে পঢ়ক:পুনৰ আৰম্ভ হ'ব মুম্বাইৰ স্থানীয় ৰেল সেৱা