ETV Bharat / bharat

জীৱন যুঁজত হাৰ মানিলে সুজীত উইলছনে ! - NDRF

NDRF বাহিনীয়ে উদ্ধাৰ কৰিলে দুই বছৰীয়া সুজীত উইলছনৰ মৃতদেহ ৷ তিনিদিন ধৰি জীৱনৰ সৈতে যুঁজ দি অৱশেষত মৃত্যুৰ কাষত হাৰ মানিলে কণমানি শিশুটিয়ে ৷ মঙলবাৰে সম্পন্ন কৰা হ'ব সুজীতৰ অন্ত্যেষ্টিক্ৰিয়া ৷

জীৱন যুঁজত হাৰ মানিলে সুজীত ৱিলছনে
author img

By

Published : Oct 29, 2019, 11:24 AM IST

Updated : Oct 29, 2019, 3:02 PM IST

নিউজ ডেস্ক, 29 অক্টোবৰঃ অৱশেষত উদ্ধাৰ হ'ল দুই বছৰীয়া সুজীত উইলছনৰ মৃতদেহ ৷ তিনি দিন ধৰি জীৱনৰ সৈতে যুঁজ দি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে কণমানি শিশুটিয়ে ৷ NDRF বাহিনীয়ে উদ্ধাৰ কৰে তামিলনাডুৰ নাটুকুট্টু পট্টীৰ সুজীত উইলছনৰ মৃতদেহ ৷ 25 অক্টোবৰৰ বিয়লি 5.30 বজাত খেলি থকা অৱস্থাত এটা গভীৰ খাদত পৰি গৈছিল শিশুটি ৷ উল্লেখ্য যে, শিশুটিক উদ্ধাৰৰ বাবে বিগত 80 ঘন্টা ধৰি তীব্ৰ অভিযান চলাইছিল NDRF বাহিনীয়ে ৷ পৰিবহন বিভাগৰ মুখ্য সচিব জে ৰাধাকৃষ্ণই জানিবলৈ দিয়া মতে সুজীতৰ মৃতদেহ উদ্ধাৰৰ সময়ত দেহত যথেষ্ট পৰিমাণৰ ক্ষয় ক্ষতি হৈছিল ৷ NDRF বাহিনীয়ে শিশুটিক উদ্ধাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছিল যদিও অৱশেষত সেয়া সম্ভৱ নহ'ল ৷

জীৱন যুঁজত হাৰ মানিলে সুজীত ৱিলছনে

উদ্ধাৰ অভিযানৰ সময়ছোৱাত হোৱা বৰষুণ আৰু শিলযুক্ত মাটিৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল উদ্ধাৰকাৰী দল ৷ শিশুটিক সময়মতে উদ্ধাৰ কৰিবৰ বাবে জাৰ্মানীৰ পৰা অনা বিশেষ যন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল ৷ প্ৰধানমন্ত্ৰী মোদীকে ধৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও শিশুটিৰ বাবে ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিল ৷

লগত পঢ়ক নগাঁও আৰক্ষী থানাৰ সন্মুখত এটিএম ভাঙি লণ্ড-ভণ্ড চোৰৰ

শিশুটিৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে ৷ মঙলবাৰে সম্পন্ন কৰা হ'ব সুজীতৰ অন্ত্যেষ্টিক্ৰিয়া ৷

Trichy (Tamil Nadu), Oct 29 (ANI): After a three-day-long struggle, the two-year-old boy, who had fallen down in a borewell was found dead in the wee hours of October 29. The body of Sujith Wilson was brought for cremation in Pudur area of Trichy. The two-year-old boy lost his life after falling into a borewell on October 25. People paid tribute to Sujith Wilson in large numbers. Earlier, his body was being taken to his residence in Nadukattupatti following an autopsy. The body of the deceased minor was taken out by the National Disaster Response Force (NDRF) team and taken to the hospital. On October 25, Sujith fell into the borewell while playing near his house at about 5:30 pm. Later, he slipped further down into the borewell, with an official stating that Wilson was stuck at a depth of 88 feet. More than six crews from NDRF, as well as the State Disaster Response Force (SDRF), were deployed to rescue Sujith.
Last Updated : Oct 29, 2019, 3:02 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.