নিউজ ডেস্ক, ৫ জুনঃ শুকুৰবাৰে সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। ভিন্ন প্ৰান্তত গছ পুলি ৰোপণেৰে 'জৈৱ বৈচিত্ৰতাৰ সংৰক্ষণ'ক মূল বিষয়বস্তু হিচাপে হৈ পালন কৰা হয় এই দিৱস। কিন্তু বলুকা শিল্পী পদ্মশ্ৰী সুদৰ্শন পাটনায়কে ব্যতিক্ৰমী ধৰণেৰে উদযাপন কৰিলে বিশ্ব পৰিৱেশ দিৱস।
ওড়িষাৰ পুৰীৰ সাগৰ তীৰত বলুকা শিল্পৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে শিল্পীগৰাকীয়ে। বালিয়ে ","It’s time #ForNature . Make the planet Green" বুলি বাৰ্তা লিখি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে সুদৰ্শন পাটনায়কে । শিল্পীগৰাকীয়ে বালিৰে তৈয়াৰ কৰা এই শিল্পৰ ফটো ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। পদ্মশ্ৰী বঁটাপ্ৰাপ্ত শিল্পীগৰাকীয়ে বিভিন্ন সময়ত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ অৰ্থে বলুকাৰে বিভিন্ন চিত্ৰ অংকণ কৰি আহিছে।
উল্লেখ্য যে, ১৯৭৩ চনৰ পৰাই প্ৰতিবছৰে ৫ জুনৰ দিনটো ‘বিশ্ব পৰিৱেশ দিৱস’ ৰূপে পালন কৰি অহা হৈছে। মানুহৰ জীৱনত সেউজ আৰু স্বাস্থ্য়সন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজুৰি সজাগতা সৃষ্টিয়ে এই দিৱসৰ মূল লক্ষ্য।
লগতে পঢ়কঃ লখিমপুৰত বানৰ কবলত শতাধিক কৃষিভূমি